নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাংবাদিকক ক’ভিড যোদ্ধাৰ মর্যাদা দিয়াৰ আহ্বান পিচিআইৰ

নিয়মীয়া বাৰ্তা, ৭ মেঃ সাংবাদিকসকলক ক’ভিড যোদ্ধাৰ মর্যাদা দিবলৈ ৰাজ্য চৰকাৰ, কেন্দ্রীয়শাসিত ৰাজ্যসমূহৰ চৰকাৰ আৰু কেন্দ্রীয় চৰকাৰক আহ্বান জনাইছে প্রেছ কাউন্সিল অৱ ইণ্ডিয়া (পিচিআই)ই৷ সমান্তৰালভাৱে সাংবাদিকসকলৰ বাবে দলগত বীমা আঁচনি ৰূপায়ণ কৰিবলৈও পিচিআয়ে ৰাজ্য আৰু কেন্দ্রীয় চৰকাৰক আহ্বান জনাইছে৷

ইতিমধ্যে এই সন্দর্ভত পিচিআয়ে এক প্রস্তাৱো গ্রহণ কৰিছিল৷ সমান্তৰালভাৱে মহামাৰীৰ সময়ছোৱাত গ্রহণ কৰা ভূমিকাৰ বাবে ওড়িশা, বিহাৰ আৰু মধ্যপ্রদেশ চৰকাৰে সাংবাদিকসকলক ফ্রণ্ট লাইন কর্মী হিচাপে স্বীকৃতি দিয়া কার্যৰ শলাগ লৈছে প্রেছ কাউন্সিল অৱ ইণ্ডিয়াই৷

You might also like