নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কুইপ’ৰ দুই বিষয়াৰ অপহৰণক লৈ প্ৰথমবাৰলৈ মুখ খুলিলে অইলে…

নিয়মীয়া বার্তা,  ২১ ফেব্রুৱাৰীঃ আলফা (স্বাধীন)–এ অপহৰণ কৰা তেল খনন প্রতিষ্ঠান কুইপৰ দুই বিষয়াৰ ভৱিষ্যতক লৈ ৰাজ্যৰ লগতে দেশজুৰি সৃষ্টি হৈ থকা চাঞ্চল্য তথা প্রতিক্রিয়াৰ সময়তে বিষয়টো সন্দর্ভত অৱশেষত মুখ খুলিছে অইল কর্তৃপক্ষই৷

যোৱা ২১ ডিচেম্বৰত কুইপৰ দুই বিষয়াক অপহৰণৰ পাছৰে পৰা সমগ্র বিষয়টো সন্দর্ভত নীৰৱ হৈ থকা অইল কর্তৃপক্ষই  জনায় যে অপহূত দুই বিষয়া সন্দর্ভত অচিৰেই আহিব ভাল খবৰ৷ অইলৰ কার্যবাহী সঞ্চালক (মানৱ সম্পদ) প্রণৱ বৰকাকতিয়ে কালি এই সন্দর্ভত কয়– অপহূতক মুকলি কৰি অনাৰ ক্ষেত্রত অইল কর্তৃপক্ষই সকলো ধৰণৰ ব্যৱস্থা গ্রহণ কৰিছে৷ আমি আশাবাদী৷ অচিৰেই বিষয়টোৰ সু–সমাধান হ’ব৷

অইলৰ কার্যবাহী সঞ্চালকজনে জানিবলৈ দিয়া মতে, অপহূত দুই বিষয়াৰ মুক্তিৰ বাবে অৰুণাচলৰ মুখ্যমন্ত্রী, মুখ্য সচিব আৰু আৰক্ষী সঞ্চালকপ্রধানে অসম চৰকাৰৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে৷

কালি ডিব্রুগড় বিশ্ববিদ্যালয়ৰ ইন্দিৰা মিৰি ভৱনত সাংবাদিকৰ আগত কার্যবাহী সঞ্চালকজনে কয়– আমি আশাবাদী৷ অতি সোনকালে অপহূত বিষয়া দুগৰাকীক মুক্তি দিয়া হ’ব৷ কুইপ নামৰ তৈল খনন প্রতিষ্ঠানটো প্রত্যক্ষভাৱে অইলৰ লগত জড়িত নহয় যদিও উৎপাদনৰ ক্ষেত্রত সহায়–সহযোগিতা কৰি আহিছে৷ সমগ্র বিষয়টো আইন–শৃংখলাজনিত বিষয়৷ এইক্ষেত্রত অৰুণাচল চৰকাৰ অথবা অসম চৰকাৰেহে বিহিত ব্যৱস্থা গ্রহণ কৰিব পাৰে৷

অইল কর্তৃপক্ষৰ অনুৰোধমর্মে অৰুণাচল আৰু অসম চৰকাৰে ইতিমধ্যে এইক্ষেত্রত পদক্ষেপ গ্রহণ কৰিছে৷ আমি নিশ্চিত যে ইতিবাচক সঁহাৰি পাম৷ ইফালে আলফাই নির্দিষ্ট সময়সীমা বান্ধি দিয়া আৰু উত্তৰ–পূবৰ লগতে দক্ষিণ–পূব এছিয়াত কুইপক নিষিদ্ধ কৰাৰ পাছত কর্মচাৰীসকল আতংকিত হৈ পৰিছে৷

এইক্ষেত্রত অইলৰ কার্যবাহী সঞ্চালকজনে কয়– নিষিদ্ধ ঘোষণাৰ বিষয়টোত চৰকাৰ আৰু আৰক্ষীৰ দ্বাৰা ব্যৱস্থা গ্রহণ কৰা হৈছে৷ কামখিনি সুচাৰুৰূপে চলি আছে৷ মই আশাবাদী৷

You might also like