নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আত্মনির্ভৰ ভাৰত অভিযানত ব্যক্তিগত খণ্ডক পূর্ণ সুযোগ দিয়া উচিতঃ প্রধানমন্ত্রী

নিয়মীয়া বাৰ্তা, ২১ ফেব্রুৱাৰীঃ ক’ৰোনা মহামাৰীয়ে বিধ্বস্ত কৰা অর্থনীতিক পুনৰুজ্জীৱিত কৰিবলৈ দেশৰ কাৰণে এক সঠিক নীতিৰ আৱশ্যকতাত প্রাধান্য দিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ চৰকাৰৰ নীতি নির্ধাৰণকাৰী নিটি আয়োগৰ ষষ্ঠ বৈঠক ভার্চুৱেলযোগে সম্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে দেশৰ অর্থনীতিক উজ্জীৱিত কৰিবলৈ সঠিক নীতিৰ পোষকতা কৰে৷

কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ মাজত ঐক্যবদ্ধভাৱে কাম কৰাটোক অধিক গুৰুত্ব দি প্রধানমন্ত্রী মোদীয়ে কয় যে ব্যক্তিগত খণ্ডৰ বিকাশক অনুমতি দিব লাগিব৷ ৰাজ্য আৰু কেন্দ্রীয় চৰকাৰ উভয়ে ব্যক্তিগত খণ্ডক সমর্থন কৰা উচিত৷ আনপিনে আত্মনির্ভৰ ভাৰত অভিযানৰ অংশ হোৱাৰ বাবে ব্যক্তিগত খণ্ডক আমি চৰকাৰে পূর্ণ সুযোগ দিব লাগিব বুলিও কয় প্রধানমন্ত্রীগৰাকীয়ে।

দেশৰ ৰাজ্যসমূহত মুখ্যমন্ত্রী আৰু কেন্দ্রীয়শাসিত অঞ্চলৰ উপ–ৰাজ্যপালসকলে অংশ লোৱা বৈঠকত প্রধানমন্ত্রীগৰাকীয়ে কয়– ক’ভিডকালত আমি দেখিছোঁ কেন্দ্র আৰু ৰাজ্যসমূহে একেলগে কেনেকৈ কাম কৰিছিল৷ দেশ সফল হৈছিল আৰু ভাৰতৰ এক উজ্জ্বল ভাবমূর্তি সমগ্র বিশ্বতে প্রতিফলিত হৈছে৷

অতি প্রাচীন আইন প্রত্যাহাৰ কৰা আৰু দেশত ইজ অৱ ডুয়িং বিজনেছ উন্নীত হোৱাৰ প্রসংগ উল্লেখেৰে প্রধানমন্ত্রীগৰাকীয়ে কয় যে অর্থনৈতিক বিকাশ উজ্জীৱিত কৰিবলৈ কেন্দ্র আৰু ৰাজ্যই ঐক্যবদ্ধভাৱে কাম কৰিবই লাগিব৷

লক্ষণীয় যে প্রধানমন্ত্রীগৰাকীয়ে কৃষিখণ্ডত থকা সম্ভাৱনাক পূর্ণাংগ ৰূপত ব্যৱহাৰ কৰিবলৈ সক্ষম হোৱা নাই বুলিও মন্তব্য কৰে৷

You might also like