নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কূটনীতিক খোব্রাগেড়েক ভিছা নিদিয়ে পাকিস্তানে

নিয়মীয়া বাৰ্তা ২১ ছেপ্টেম্বৰঃ  ভাৰতীয় কূটনীতিক খোব্রাগেড়েক ভিছা প্রদান কৰিবলৈ অস্বীকাৰ কৰিছে পাকিস্তানে৷ ইছলামাবাদস্থিত ভাৰতীয় মিছনৰ পৰৱর্তী মুৰব্বী হিচাপে নতুন দিল্লী প্রশাসনে খোব্রাগেড়েৰ নাম প্রস্তাৱ কৰিছিল৷ কিন্তু কূটনীতিকগৰাকী উক্ত পদবীৰ বাবে প্রয়োজনতকৈ অধিক জ্যেষ্ঠ বুলি উল্লেখ কৰিছে পাক প্রশাসনে৷ যোৱা জুন মাহত নতুন দিল্লী প্রশাসনে খোব্রাগেড়েৰ নাম প্রস্তাৱ কৰিছিল৷ লক্ষণীয়ভাৱে সেই সময়ত উচ্চায়ুক্তৰ কার্যালয়ৰ কর্মী সংখ্যা ৫০ শতাংশলৈ হ্রাস কৰাৰ সিদ্ধান্ত লৈছিল দুয়োখন দেশে৷ পাকিস্তানে অৱশ্যে আনুষ্ঠানিকভাৱে কূটনীতিকগৰাকীক ভিছা প্রদান কৰিবলৈ অস্বীকাৰ কৰা বিষয়টোৰ সবিশেষ তথ্য সদৰী কৰা নাই৷ ২০১৭ চনৰ পৰা আনৱিক শক্তি বিভাগত সেৱা আগবঢ়াই আছে জয়ন্ত খোব্রাগেড়েই৷ গতিকে পাকিস্তানে খোব্রাগেড়েক দেশখনত ভাৰতীয় উচ্চায়ুক্ত কার্যালয়ৰ মুৰব্বী হিচাপে নিবিচাৰে বুলি একাংশ বিষয়াই ধাৰণা কৰিছে৷ অৱশ্যে তাৎক্ষণিকভাৱে নতুন দিল্লী প্রশাসনে বিষয়টোত প্রতিক্রিয়া প্রকাশ কৰা নাই৷

You might also like