নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তাজমহল হোটেলৰ ৰূপকাৰ এলিজাবেথৰ বিয়োগ

নিয়মীয়া বাৰ্তা ২১ ছেপ্টেম্বৰঃ  তাজমহল হোটেল তথা অন্যান্য তাজ সম্পত্তিৰ অন্যতম ৰূপকাৰ এলিজাবেথ কেৰকাৰৰ দেহাৱসান ঘটিছে৷ ৮০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিছে ফাইন আর্টছৰ কিংবদন্তি কেৰকাৰে৷ ১৯৮৯ৰ পৰা ১৯৯৮ চনলৈ তাজমহল হোটেলৰ মহাপ্রবন্ধক আছিল এলিজাবেথৰ স্বামী অজিত কেৰকাৰ৷ এই সময়ছোৱাতে হোটেলখনৰ আভ্যন্তৰীন ক্ষেত্রৰ বিভিন্ন কামত স্থপতিবিদৰ দৰে ভূমিকা গ্রহণ কৰিছিল এলিজাবেথ কেৰকাৰে৷ ৬০ৰ দশকৰ আৰম্ভণিৰ পৰা ফাইন আর্টছৰ ক্ষেত্রখনত ন ন সৃষ্টিৰে খ্যাতিৰ শিখৰত আৰোহণ কৰা এলিজাবেথৰ বিয়োগত গভীৰ শোক প্রকাশ কৰিছে ইতিহাসবিদ ফেৰোজা গডৰেজে৷

You might also like