নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰৰ চর্তসাপেক্ষ আলোচনাৰ প্রস্তাৱ নাকচ আন্দোলনকাৰী

নিয়মীয়া বাৰ্তা, ৩০ নৱেম্বৰঃ কৃষক আন্দোলনৰ চতুর্থ দিনাও আজি উত্তাল হৈ আছে নতুন দিল্লী আৰু ৰাজধানীখনৰ সীমামূৰীয়া অঞ্চল৷ সংসদত ইতিমধ্যে গৃহীত হোৱা তিনিখন নতুন কৃষি আইন বাতিলৰ দাবীত পঞ্জাব–হাৰিয়ানাৰ লগতে কেইবাখনো ৰাজ্যৰ কৃষকে দিল্লী অভিমুখী যাত্রাৰে আন্দোলন তীব্রতৰ কৰি তুলিছে৷ দিল্লীৰ প্রৱেশ পথত বাধাৰ সন্মুখীন হৈ কৃষকসকলে ট্রাক–ট্রেক্টৰত নিশা অতিবাহিত কৰিছে৷ দিল্লী–হাৰিয়ান সীমাত আজিও প্রতিবাদকাৰীসকলে আৰক্ষীৰ বেৰিকেড ভাঙি ৰাজধানীত প্রৱেশৰ চেষ্টা চলায়৷ আৰক্ষীয়ে বাধা প্রদান কৰাত আন্দোলনকাৰীসকল খণ্ডযুদ্ধত লিপ্ত হয়৷ পাছত ট্রাক–ট্রেক্টৰ–বাইকে আৰু খোজকাঢ়ি হাজাৰ হাজাৰ আন্দোলনকাৰীয়ে দিল্লী অভিমুখে যাত্রা কৰে৷ আম্বালাত আন্দোলনকাৰীয়ে আৰক্ষীৰ বেৰিকেড নদীত দলিয়াই পেলোৱাৰ পাছত আৰক্ষীয়ে কন্দুৱা গেছ আৰু ৱাটাৰ কেনন প্রয়োগ কৰিব লগা হয়৷

ইপিনে, যন্তৰ মন্তৰত প্রতিবাদ সাব্যস্ত কৰাৰ দাবীত অটল হৈ আছে অল ইণ্ডিয়া কিষাণ সংঘর্ষ কো–র্ডিনেচন কমিটী (এআইকেএছচিচি)৷ নতুন দিল্লীৰ বুৰাৰী পার্কত প্রতিবাদৰ ঠাই দিয়া হ’ব বুলি চৰকাৰে দিয়া প্রতিশ্রুতি তেওঁলোকে মানি লোৱা নাই৷ গৃহমন্ত্রী অমিত শ্বাহে যোৱানিশা সকলো আন্দোলনকাৰীক প্রতিবাদৰ স্থলী বুৰাৰী পার্কলৈ স্থানান্তৰৰ আহ্বান জনাইছিল৷ শীঘ্রে আলোচনাৰ বাবে গৃহমন্ত্রীজনে দিয়া প্রস্তাৱৰ এয়া আছিল পূর্বচর্ত৷ কিন্তু স্বৰাজ ইণ্ডিয়াৰ মুৰব্বী যোগেন্দ্র যাদৱৰ লগতে ৭জন কৃষক নেতাক লৈ গঠিত পেনেলে স্পষ্ট কৰি দিয়ে যে চৰকাৰৰ কোনো পূর্বচর্ত মানি লোৱা নহ’ব৷ কোনো চর্তসাপেক্ষ আলোচনাত বহিবলৈ ৰাজী নহয় বুলিও চৰকাৰক তেওঁলোকে দ্ব্যর্থহীন ভাষাৰে জনাই দিয়ে৷ ‘আমাক বিতর্কিত আইনকেইখনৰ উপকাৰিতাৰ কথা বুজাই একো লাভ নহয়৷ চৰকাৰে কেৱল নামত আলোচনা কৰি আন্দোলনক বিপথে পৰিচালিত কৰিব নোৱাৰে৷ চৰকাৰে নিজৰ বক্তব্য লিখিত প্রস্তাৱ আকাৰে প্রেৰণ কৰক৷’– কৃষক নেতাসকলে কয়৷

আন্দোলনকাৰীসকলে এই বুলিও ভাবুকি দিয়ে যে তেওঁলোকৰ দাবী মানি নল’লে ৰাজধানী দিল্লীৰ ৫টা প্রৱেশ পথ বন্ধ কৰি দিয়া হ’ব৷ ইতিমধ্যে দিল্লী অভিমুখী সকলো পথত আন্দোলনকাৰী কৃষকৰ বিক্ষোভৰ বাবে তীব্র যান–জঁটৰ সৃষ্টি হৈছে৷ ঘণ্টাৰ পাছত ঘণ্টা আবদ্ধ হৈ যাত্রীসকল অতিষ্ঠ হৈ পৰিছে৷ ইপিনে, আলোচনাত বহাৰ পূর্বে নতুন দাবী উত্থাপন কৰে আন্দোলনকাৰী নেতৃবর্গই৷ তেওঁলোকে কয় যে সকলো গুৰুত্বপূর্ণ বিষয়ত কেৱল প্রধানমন্ত্রী নৰেন্দ্র মোদীয়েহে চূড়ান্ত সিদ্ধান্ত লৈ আহিছে৷ এইপর্যন্ত কেইবাজনো মন্ত্রীৰে আলোচনা হৈছে যদিও চৰকাৰৰ ইয়াত প্রভাৱ কার্যতঃ শূন্য৷ এআইকেএছচিচিৰ ৰাষ্ট্রীয় সম্পাদক অভীক সাহাই কয় যে ২০১৩ চনত আন্না হাজাৰেৰ দুর্নীতিবিৰোধী আন্দোলনত ইউপিএ চৰকাৰে আলোচনাৰ প্রক্রিয়া সঠিক দিশত আগবঢ়াই নিবলৈ কেবিনেট পেনেল গঠন কৰি দিছিল৷

কৃষক আন্দোলনৰ ক্ষেত্রতো একে প্রতিক্রিয়াৰ দাবী জনায় কৃষক নেতাসকলে৷ ইয়াৰ মাজতে আকালি দলৰ মুৰব্বী সুখবীৰ সিং বাদল সৰৱ হৈ পৰিছে হাৰিয়ানাৰ মুখ্যমন্ত্রী এম এল খট্টৰৰ বিৰুদ্ধে৷ খট্টৰে শনিবাৰে অভিযোগ কৰিছিল যে আন্দোলনকাৰীৰ মাজত খালিস্তানী সমর্থক চামিল হৈ আছে৷ বাদলে কয়–‘হাৰিয়ানাৰ মুখমন্ত্রীজনে কৃষক আৰু তেওঁলোকৰ আন্দোলনক অপবাদ জাপি দিয়াৰ ষড়যন্ত্র কৰিছে৷ ইয়াৰ জৰিয়তে তেওঁলোকে আন্দোলনকাৰী নেতাৰ ওপৰত আৰক্ষীৰ দ্বাৰা বর্বৰ আক্রমণ চলোৱাৰ পৰিকল্পনা কৰিছে৷

You might also like