নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঁচ ৰাজ্যৰ নির্বাচনৰ ফলাফল ঘোষণাৰ পিছতে তৎপৰতাঃ ১৮ দিনৰ মূৰত পেট্র’ল ডিজেলৰ পুনৰ মূল্যবৃদ্ধি

নিয়মীয়া বাৰ্তা ৫ মেঃ দেশৰ পাঁচ ৰাজ্যৰ নির্বাচনী ফলাফল ঘোষণাৰ পিছতেই পুনৰ ইন্ধনৰ মূল্য বৃদ্ধি আৰম্ভ হ’ল৷ ১৮ দিনৰ মূৰকত প্রতিলিটাৰ পেট্র’লৰ মূল্য ১৫ পইচা বৃদ্ধি কৰাৰ বিপৰীতে প্রতিলিটাৰ ডিজেলৰ মূল্য ১৮ পইচা বৃদ্ধি কৰিলে৷ ৰাজহুৱা খণ্ডৰ তেল কোম্পানীসমূহে বিগত ১৮ দিন ধৰি পেট্র’ল আৰু ডিজেলৰ মূল্য বৃদ্ধি কৰা নাছিল

যদিও নির্বাচনৰ ফলাফল ঘোষণাৰ পিছতে পুনৰ আন্তর্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্যৰ আধাৰত ইন্ধনৰ মূল্য পুনৰীক্ষণ প্রক্রিয়া আৰম্ভ কৰিলে৷ এই পুনৰীক্ষণৰ বাবেই আজি প্রতিলিটাৰ পেট্র’লত ১৫ পইচা আৰু প্রতিলিটাৰ ডিজেলত ১৮ পইচা বৃদ্ধি হ’ল৷ বর্ধিত মূল্যৰ পিছত প্রতিলিটাৰ পেট্র’লৰ মূল্য গুৱাহাটীত ৮৭.৫২ টকা আৰু প্রতিলিটাৰ ডিজেলৰ মূল্য ৮১.৭৪ টকা হৈছে৷

ইপিনে, ৰাজধানী দিল্লীত প্রতিলিটাৰ পেট্র’লৰ মূল্য ৯০.৫৫ টকা, প্রতিলিটাৰ ডিজেলৰ মূল্য ৮০.৯১ টকা হৈছে৷ ৰাজহুৱা খণ্ডৰ কোম্পানী অইল ইণ্ডিয়া কর্প’ৰেচন লিমিটেড, ভাৰত পেট্র’লিয়াম কর্প’ৰেচন লিমিটেড আৰু হিন্দুস্তান পেট্র’লিয়াম কর্প’ৰেচন লিমিটেডে বিবৃতিযোগে এই মূল্য আজিৰে পৰা কার্যকৰী হ’ব বুলি ঘোষণা কৰিছে৷ উল্লেখ্য যে এই মূল্য ৰাজ্যসমূহৰ স্থানীয় ভেটৰ আধাৰত বৃদ্ধি হ’ব৷ এনে পৰিপ্রেক্ষিতত দেশৰ প্রতিখন ৰাজ্যত পেট্র’ল আৰু ডিজেলৰ মূল্য ভিন্ন হ’ব৷

You might also like