নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেৱল এপ্রিল মাহতে দেশত নিবনুৱা হ’ল ৭০ লাখ

নিয়মীয়া বাৰ্তা ৫ মেঃ ক’ৰোনাৰ দ্বিতীয় ঢ়ৌৰ লগে লগে দেশত কর্মসংস্থাপনহীনত্ ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ মাৰাত্মক ক’ভিডৰ সংক্রমণ প্রতিৰোধৰ বাবে প্রতিখন ৰাজ্যই গ্রহণ কৰিছে বিশেষ সতর্কতামূলক ব্যৱস্থা৷ আংশিক–পূর্ণ পর্যায়ৰ লকডাউন, সান্ধ্য আইনৰ সমান্তৰালভাৱে কার্যালয়সমূহত কর্মচাৰীৰ উপস্থিতিও ৫০ শতাংশলৈ হ্রাস কৰা হৈছে৷ এনে পৰিস্থিতিত বহুসংখ্যক উদ্যোগ প্রতিষ্ঠানে লোকচানৰ জোৰা মাৰিবলৈ কর্মচাৰী চাটাই কৰিবলৈ আৰম্ভ কৰিছে৷ একেদৰে ক্ষুদ্র ব্যৱসায়, দোকান–পোহাৰেৰে জীৱিকা নির্বাহ কৰা লোকসকলৰ জীৱিকাও ক’ৰোনাৰ ফলত প্রভাৱিত হৈছে৷ এনে পৰিস্থিতিত দৈনিক লাখ লাখ লোকে সংস্থাপন হেৰুৱাবলগীয়া হৈছে৷

কেৱল এপ্রিল মাহৰ ভিতৰত দেশত জীৱিকা হেৰুৱাইছে ৭০ লাখ লোকে৷ চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইকোনমী প্রাইভেট (চি এম আই আই) নামৰ এটা বেচৰকাৰী সংস্থাৰ প্রতিবেদনত এই উদ্বেগজনক তথ্য প্রকাশ পাইছে৷ প্রতিবেদন মতে, এটা মাহৰ ভিতৰত দেশত নিবনুৱাৰ হাৰ ১.৪৭ শতাংশ বৃদ্ধি হৈছে৷

উল্লেখ্য যে ক’ৰোনাৰ দ্বিতীয় লহৰে দেশৰ প্রতিখন ৰাজ্যক ভয়াৱহ সংকটৰ মাজলৈ ঠেলি দিছে৷ জনস্বাস্থ্য গভীৰ প্রত্যাহ্বানৰ সন্মুখীন হৈছে৷ এনে পৰিস্থিতিৰ মোকাবিলা কৰাত স্বাস্থ্য খণ্ড প্রায় অক্ষম হৈ পৰিছে৷ সম্ভাব্য বিপদৰ আগজাননী দেখিয়েই উচ্চতম ন্যায়ালয়ে লকডাউনৰ পৰামর্শ আগবঢ়াইছে৷ কিন্তু সর্বাত্মক লকডাউন ঘোষণাৰ পূর্বেই দেশজুৰি সৃষ্টি হৈছে অভূতপূর্ব জীৱিকা সংকট৷ চি এম আই আইৰ প্রতিবেদন অনুসৰি, মার্চ মাহত দেশত নিবনুৱাৰ হাৰ আছিল ৬.৫ শতাংশ৷ এপ্রিল মাহত এই হাৰ ৭.৯৭ শতাংশলৈ বৃদ্ধি পায়৷ সংস্থাটোৰ পৰিচালন সঞ্চালক মহেশ ব্যাসে সদৰী কৰা মতে, দেশত নিবনুৱাৰ হাৰ বাঢ়িছে৷

বিভিন্ন ৰাজ্যত লকডাউন বলৱৎ কৰাৰ পৰিণতিত এইদৰে নিবনুৱাৰ হাৰ বৃদ্ধি হ’ব পাৰে৷ যিহেতু সংক্রমণৰ হাৰ অধিক বৃদ্ধি হৈছে, সেইবাবে চৰকাৰ অথবা প্রশাসনে সেই দিশতে অধিক মনোযোগ দিবলগীয়া হৈছে৷ একেই পৰিস্থিতি অব্যাহত থাকিলে নিবনুৱাৰ হাৰ অধিক বাঢ়িব৷ মে’ মাহত আৰু অধিক লোকে সংস্থাপন হেৰুওৱাৰ সম্ভাৱনা দেখা গৈছে৷ তেওঁ লগতে কয় যে ক’ৰোনা সংক্রান্তীয় একাধিক নিষেধাজ্ঞাও জাৰি কৰাৰ পৰিপ্রেক্ষিতত বিভিন্ন পৰিসেৱা প্রায় বন্ধ হৈ পৰিছে৷ উক্ত সেৱাসমূহৰ লগত জড়িত বহু লোকক ফার্মৰ পৰা ইতিমধ্যে অব্যাহতি দিয়া হৈছে৷ যাৰ বাবে নিবনুৱা সমস্যাও লাহে লাহে গভীৰ হৈ পৰিছে৷ প্রণিধানযোগ্য যে বিগত বর্ষত ক’ৰোনাৰ সংক্রমণ আৰু লকডাউনৰ পৰিণতিত দেশত এক অভাৱনীয় পৰিৱেশৰ সৃষ্টি হৈছিল৷ লাখ লাখ শ্রমিকে পদব্রজে ঘৰমুৱা হোৱা দৃশ্যই অকল্পনীয় মানৱীয় সমস্যাক পোহৰলৈ আনিছিল৷ সেই সময়ত ক’ৰোনাৰ সংক্রমণত জীৱন–জীৱিকা হেৰুৱাবলগীয়া হৈছিল লক্ষ লক্ষজনে৷ বহুতে আকস্মিকভাৱে লকডাউন ঘোষণা কৰিবলগীয়া হোৱাটোকে ইয়াৰ মূল কাৰণ হিচাপে অভিহিত কৰিছিল৷ কিন্তু এইবাৰ দেশজোৰা লকডাউন ঘোষণাৰ আগতেই জীৱিকাৰ সংকটে দেশত ভয়াৱহ ৰূপ লৈছে৷

You might also like