নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ আন্ধাৰক পাহৰাই পোহৰ প্রয়াসী প্রধানমন্ত্রীৰ কবিতা

‘এইমাত্র সূর্যোদয় হৈছে’

নিয়মীয়া বাৰ্তা ২ জানুৱাৰীঃ  অন্ধকাৰে আৱৰা ২০২০ বর্ষৰ সামৰণিত পোহৰ বিচাৰি দেশবাসীয়ে ইংৰাজী ২০২১ বর্ষক স্বাগতম জনোৱাৰ সময়তে বর্ষটোৰ প্রথম দিনাই প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কবিতাৰে আদৰণি জনালে বর্ষটোক৷ কবিতাৰে বর্ষটোক আদৰণি জনাই দেশবাসীক নতুন বর্ষটো পোহৰেৰে উদ্ভাসিত কৰিব বুলি আশা ব্যক্ত কৰে৷ ‘এইমাত্র সূর্যোদয় হৈছে’ শীর্ষক কবিতাৰ ভিডি’টোত প্রধানমন্ত্রীৰ সৈতে আছে ক’ভিড–১৯ অগ্রণী যোদ্ধা, জোৱান, চিকিৎসাকর্মী আৰু কৃষক৷ ১.১৩ মিনিটৰ ভিডি’টোত ২০২০ বর্ষৰ ক’ভিডসৃষ্ট জটিল পৰিস্থিতিক দৃশ্যায়ন কৰা হৈছে৷ আন্ধাৰ আঁতৰাই পোহৰ প্রয়াসী এই কবিতাটো প্রধানমন্ত্রী মোদীয়ে নিজে ৰচনা কৰাৰ লগতে ভিডি’টোত আবৃত্তিও কৰিছে৷ নৱবর্ষৰ প্রথম দিনাই প্রধানমন্ত্রী কণ্ঠ সম্বলিত কবিতাৰ ভিডি’টো কেন্দ্রীয় চৰকাৰে প্রচাৰ কৰি দেশবাসীক উদগনি জনাইছে৷ ‘এইমাত্র সূর্যোদয় হৈছে’ শীর্ষক হূদয়স্পর্শী প্রধানমন্ত্রী মোদী কবিতাৰ প্রংকিত হৈছে ‘বিশ্বাস কী লৌ জলাকাৰ, বিকাশ কা দীপক লেকৰ, স্বপ্ণকো সাকাৰ কৰনে, অভি তো সূৰয উগা হেয়৷’ এই কবিতাটো চৰকাৰে প্রচাৰ কৰাৰ সমান্তৰালকৈ প্রধানমন্ত্রী মোদীয়ে দেশবাসীক নতুন বর্ষ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে৷ প্রধানমন্ত্রী মোদীয়ে নিজৰ টুইটাৰত কয়– ২০২১ বর্ষৰ শুভেচ্ছা আপোনালোকলৈ৷ বছৰটোৱে আপোনালোকৰ জীৱনলৈ আনন্দ, সমৃদ্ধি অনাৰ লগতে সু–স্বাস্থ্য বর্তাই ৰাখক৷ আশা আৰু কল্যাণৰ উদ্যম উজ্জীৱিত হওক৷ উল্লেখ্য যে আজি প্রধানমন্ত্রী মোদীয়ে দেশৰ সকলোৰে বাবে ঘৰ লক্ষ্যৰে ৬খন ৰাজ্যত গ্ল’বেল হাউছিং টেক্ন’লজী চেলেঞ্জ–ইণ্ডিয়া (জি এইচ টি চি–ইণ্ডিয়া) আঁচনিৰ অধীনত লাইট হাউছ প্রজেক্ট (এল এইচ পি এছ) উদ্বোধন কৰে৷

You might also like