নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাৰিপার্শ্বিকতা ধ্বংসৰ নির্মম পৰিণতিঃ নাগালেণ্ডৰ বিশ্বখ্যাত সেউজ দলিচা ‘জুক’ ভেলী’ত ভয়ংকৰ জুই

নিয়মীয়া বাৰ্তা ২ জানুৱাৰীঃ প্রাকৃতিক বনজুইৰ সংহাৰৰ ঘটনা বিশ্বৰ প্রান্তে প্রান্তে সংঘটিত হৈ আহিছে যদিও ভাৰতত এনে বনজুইৰ ঘটনা অতি নগণ্য৷ ভাৰতত মানৱসৃষ্ট বনজুয়ে বনাঞ্চলত ব্যাপক ক্ষতি কৰে যদিও বনজুইৰ সংহাৰ আঙুলিত মূৰত লেখিবলগীয়া৷ বিশ্বৰ বৃহত্তম বর্ষাৰণ্য আমাজনৰ পৰা আমেৰিকা যুক্তৰাষ্ট্র, অষ্ট্রেলিয়া, চীনকে ধৰি বিভিন্ন ৰাষ্ট্রত বনজুয়ে কোটি কোটি টকাৰ সম্পত্তি ধ্বংস কৰাৰ লগতে জৈৱ–বৈচিত্র্যৰ বিনাশ ঘটায়৷ দেশত ২০১৯ চনত বন্দীপুৰ বনাঞ্চল আৰু ২০১৬ চনত উত্তৰাখণ্ডৰ বনাঞ্চলত প্রাকৃতিক বনজুইৰ সংহাৰ ভয়াৱহ উদাহৰণ হিচাপে আছে৷ উত্তৰ–পূর্বাঞ্চলত প্রথমবাৰৰ বাবে বনজুইৰ কবলত পৰিছে বিশ্বখ্যাত নাগালেণ্ড আৰু মণিপুৰ সীমান্তৰ জুক’ ভেলী৷ বিগত তিনি দিন ধৰি নাগালেণ্ডৰ জুক’ উপত্যকাত পাহাৰৰ উচ্চত বনজুয়ে সংহাৰী ৰূপ লৈ এই ভয়াৱহ বনজুই এতিয়া মণিপুৰৰ সেনাপতি জিলালৈ সম্প্রসাৰিত হৈছে৷ বিশ্বৰ পর্যটকৰ বাবে আকর্ষণীয় নান্দনিক–প্রাকৃতিক সৌন্দর্যৰে সমৃদ্ধিশালী জুক’ উপত্যকাত প্রাকৃতিক বনজুই ভয়াৱহ ৰূপত বৃদ্ধি পাই আছে৷ জুক’ লিলিৰ বাবে বিখ্যাত উপত্যকাটোৰ এক শতাধিক গাঁওবাসী, বন বিভাগৰ কর্মচাৰীয়ে এই বনজুই নিয়ন্ত্রণ কৰিবলৈ অহৰহ চেষ্টা চলাই আছে যদিও কার্যতঃ সফল হ’ব পৰা নাই৷ দুর্গম অঞ্চলত লগা বনজুয়ে প্রাকৃতিক সম্পদৰ লগতে জৈৱ–বৈচিত্র্যৰ ধ্বংস প্রক্রিয়া আৰম্ভ কৰিছে৷ বনজুইৰ প্রকোপ হ্রাস কৰাৰ লগতে নিয়ন্ত্রণ কৰিবলৈ বন বিভাগৰ কর্মচাৰী আৰু গাঁওবাসীয়ে চেষ্টা চলাই বিফল হ’বলগীয়া হৈছে তীব্র বেগী বতাহ আৰু দুর্গম অঞ্চলত সংঘটিত হোৱাৰ বাবে৷ নাগালেণ্ডৰ সীমা অতিক্রম কৰি মণিপুৰৰ মাউণ্ট ইছ’ৰ দিশে এই বনজুই দ্রুতগতিত সম্প্রসাৰিত হোৱাত মণিপুৰ চৰকাৰ উদ্বিগ্ণ হৈ পৰিছে৷

মন কৰিবলগীয়া যে এগৰাকী শীর্ষ বন বিষয়াই প্রকাশ কৰা মতে, জুক’ উপত্যকাত বসবাস কৰি থকা একাংশ গাঁওবাসীয়ে যোৱা ২৮ ডিচেম্বৰৰ পৰা নাগালেণ্ডৰ অঞ্চলত বনজুই প্রত্যক্ষ কৰে৷ পিছলৈ এই বনজুই মণিপুৰৰ অঞ্চলত প্রৱেশ কৰে৷ মণিপুৰ অঞ্চলত বনজুয়ে ইতিমধ্যে বিস্তৰ ক্ষতি কৰিবলৈ আৰম্ভ কৰিছে বুলি মণিপুৰ মাও কাউন্সিলে প্রকাশ কৰিছে৷ গভীৰ বনাঞ্চলত জুই লগাৰ ফলত স্থানীয় দুষ্প্রাপ্য গছ–গছনি জাহ যাবলৈ আৰম্ভ কৰিছে৷ বনজুই নিয়ন্ত্রণৰ বাবে মণিপুৰৰ মুখ্যমন্ত্রী এন বীৰেন সিঙে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ সৈতে টেলিফোনিক বার্তালাপ কৰিছে৷ ভয়াৱহ বনজুইৰ সম্প্রসাৰিত অঞ্চল কালি মুখ্যমন্ত্রী বীৰেন সিঙে আকাশীমার্গেৰে পৰিদর্শন কৰাৰ পাছতেই এই বনজুইক লৈ উদ্বিগ্ণ মুখ্যমন্ত্রীগৰাকীয়ে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ সৈতে বার্তালাপ কৰিছে৷ নাগালেণ্ড আৰু মণিপুৰ সীমান্তত অৱস্থিত জুক’ উপত্যকাৰ বনাঞ্চলৰ বনজুই নিয়ন্ত্রণ আৰু উদ্ধাৰ অভিযানৰ বাবে কেন্দ্রীয় গৃহমন্ত্রী শ্বাহক টেলিফোনযোগে অনুৰোধ জনাইছে মুখ্যমন্ত্রী সিঙে৷ মুখ্যমন্ত্রীগৰাকীয়ে পৰিস্থিতি নিয়ন্ত্রণ কৰাৰ ক্ষেত্রত এন ডি আৰ এফ আৰু সেনাৰ সাহায্য গৃহ মন্ত্রালয়ৰ পৰা বিচাৰিছে৷ টুইটযোগে মুখ্যমন্ত্রীগৰাকীয়ে তেওঁ জনোৱা আহ্বানক গৃহমন্ত্রী শ্বাহে সঁহাৰি জনোৱা বুলি প্রকাশ কৰিছে৷ উল্লেখ্য যে জুক’ উপত্যকাত বিগত তিনি দিন ধৰি প্রাকৃতিক বনজুয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে যদিও ইয়াৰ পূর্বেও ২০১৮ চনত এনেধৰণৰ বনজুই সংঘটিত হৈছিল৷ অৱশ্যে উক্ত সময়ত একাংশ বনাঞ্চল ধ্বংসকাৰীয়ে অগ্ণিসংযোগ কৰাৰ ফলত এই বনজুই সংঘটিত হৈছে৷ উক্ত ঘটনাত আনকি মণিপুৰৰ পৰা ১৫জন চোৰাং কাঠ সৰবৰাহকাৰীক গ্রেপ্তাৰো কৰিছিল৷ স্থানীয় লোকে কৰা অভিযোগ অনুসৰি এই পদক্ষেপ গ্রহণ কৰা হৈছিল৷ অৱশ্যে এইবেলি সংহাৰী ৰূপ লোৱা বনজুইত কোনো দুষৃকতিকাৰীৰ হাত নাই বুলি প্রাৰম্ভিক অনুসন্ধানত ওলাই পৰিছে যদিও বনজুইক লৈ অনুসন্ধান অব্যাহত ৰাখিছে বন বিভাগে৷ উল্লেখ্য যে উত্তৰ–পূর্বাঞ্চলৰ নাগালেণ্ড আৰু মণিপুৰৰ সীমান্তত অৱস্থিত জুক’ উপত্যকা সাগৰ পৃষ্ঠৰ পৰা ২,৪৫২ মিটাৰ উচ্চতাত অৱস্থিত৷ এই উপত্যকাৰ বনাঞ্চল বিভিন্ন দুষ্প্রাপ্য ফলৰ প্রজাতিৰ বাবে বিখ্যাত৷ এই উপত্যকাটোত পোৱা জুক’ লিলি সবাতোকৈ পৰিচিত৷

You might also like