নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনতা ভৱনত পুনৰ এণ্টী পাছৰ ব্যৱস্থা

ক’ভিড পৰীক্ষা কৰিলেহে প্রৱেশৰ অনুমতি

নিয়মীয়া বাৰ্তা ২ জানুৱাৰীঃ  অসম সচিবালয় প্রশাসন (এছ এ ডি) বিভাগে জনতা ভৱনৰ দর্শনার্থীৰ প্রৱেশ–পত্রৰ ক্ষেত্রত কেতবোৰ নতুন নিয়ম জাৰি কৰিছে৷ সেইমর্মে ১০০খন ই–পাছৰ ভিতৰত ৫০খন আগতীয়াকৈ অনলাইনযোগে আৰু বাকী ৫০খনৰ বাবে তাৎক্ষণিকভাৱে আবেদন কৰিব পাৰিব৷ এই ব্যৱস্থা ১ জানুৱাৰীৰ পৰা কার্যকৰী হৈছে৷ অনলাইনৰ বাবেhttp://103.8.249.88/applyonline লিংকটো ব্যৱহাৰ কৰিব পাৰিব৷ জনতা ভৱনৰ দর্শনার্থীৰ প্রৱেশ–পত্রৰ ক্ষেত্রত জাৰি কৰা নিয়মসমূহ হৈছে– দর্শনার্থীৰ প্রবেশ–পত্র প্রাপ্তিৰ ক্ষেত্রত সচিবালয় প্রশাসন বিভাগৰ ৱেবছাইটhttps://sad.assam.gov.in/ নতুবা103.8.249.88/applyonlineত আগতীয়াকৈ আবেদন কৰি ল’ব লাগিব৷ তাৎক্ষণিক আবেদন সীমিত কৰা হ’ব আৰু যিসকলক সহায়ৰ প্রয়োজন, যেনে– বয়সিয়াল লোক, বিশেষভাৱে সক্ষম ব্যক্তিৰ ক্ষেত্রতহে এই সেৱা প্রযোজ্য হ’ব৷ দর্শনার্থীয়ে পৰিচয় প্রমাণৰ বাবে বৈধ নথিপত্র লগত ৰাখিব লাগিব৷ দর্শনার্থীসকলে ক’ভিড–১৯ স্ক্রীনিং চেণ্টাৰত নিজে পৰীক্ষা কৰাই ল’ব লাগিব নতুবা ৭২ ঘণ্টাৰ ভিতৰত সম্পন্ন কৰা পৰীক্ষাৰ ক’ভিড–১৯ নিগেটিভ প্রমাণ–পত্র দেখুৱাব লাগিব৷ ৰাজহুৱা স্থানত আৰু কর্মস্থলত মুখ ঢ়াকি ৰখা বা মাস্ক পৰিধান কৰাটো বাধ্যতামূলক হ’ব৷ তদুপৰি ৰাজহুৱা স্থানত অতি কমেও ৬ ফুট দূৰত্ব বজাই ৰাখিব লাগিব৷ সেইদৰে ৰাজহুৱা স্থানত থু–খেকাৰ পেলালে জৰিমনাসহ শাস্তি বিহা হ’ব৷ জনতা ভৱনৰ দর্শনার্থীৰ প্রবেশ–পত্রৰ সংখ্যা দৈনিক পর্যালোচনা কৰা হ’ব আৰু কর্তৃপক্ষৰ সিদ্ধান্তমর্মে ইয়াৰ সংখ্যা সময়ে সময়ে ধার্য কৰি থকা হ’ব৷

You might also like