নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাবিৰোধী যুঁজত প্রতিজন নাগৰিকেই এগৰাকী সৈনিক

নিয়মীয়া বাৰ্তা, ২৭ এপ্ৰিলঃ ক’ৰোনা ভাইৰাছৰ সংকট আৰু দেশজোৰা লকডাউনৰ মাজতে দেওবাৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ‘মন কী বাত’ত মহামাৰীৰ বিৰুদ্ধে যুঁজত জনসাধাৰণৰ অৱদানক প্রশংসা কৰে৷ তেওঁ কয় যে ভাৰতত ক’ৰোনাৰ বিৰুদ্ধে যুঁজখন প্রকৃততে ৰাইজৰ দ্বাৰা পৰিচালিত হৈছে৷ তেওঁ কয়– ‘জনসাধাৰণৰ লগ হৈ শাসক–প্রশাসকে যুঁজি আছে৷ ভাৰতৰ দৰে দেশ, যি উন্নয়নৰ বাবে তৎপৰ, দুখীয়াৰ সৈতে নির্ণয়ৰ যুদ্ধত অৱতীর্ণ হৈছে৷ ক’ৰোনাৰ বিৰুদ্ধে যুঁজিবলৈ আৰু জয়লাভৰ এয়াই একমাত্র পথ৷’

ক’ৰোনাৰ বিৰুদ্ধে যুঁজত প্রতিজন নাগৰিককে সৈনিক আখ্যা দি প্রধানমন্ত্রী মোদীয়ে কয়– ‘আমি সৌভাগ্যশালী যে আজি সমগ্র দেশ, দেশৰ প্রতিজন নাগৰিক, জনসাধাৰণে এই যুদ্ধত সৈনিক হিচাপে নেতৃত্ব প্রদান কৰিছে৷ আপুনি য’লৈকে চায় দেখা পাব যে ভাৰতৰ এই যুঁজ হ’ল জনসাধাৰণৰ দ্বাৰা পৰিচালিত৷ সমগ্র বিশ্বই এই মহামাৰীৰ বিৰুদ্ধে যুঁজ দিছে৷ ভৱিষ্যতে যেতিয়া ইয়াৰ চর্চা হ’ব, প্রণালীসমূহৰ বিষয়ে আলোচনা হ’ব– মোৰ বিশ্বাস যে ভাৰতৰ এই জনসাধাৰণৰ দ্বাৰা পৰিচালিত এই যুঁজৰ বিষয়ে চর্চা হ’ব৷’ তেওঁ আৰু কয় যে দেশৰ এই সংকটৰ সময়ত জনসাধাৰণে পৰস্পৰক সহায়ৰ বাবে আগবাঢ়ি আহিছে৷ দুখীয়াৰ বাবে অন্ন, খাদ্য–সামগ্রীৰ ব্যৱস্থা, লকডাউন পালন, চিকিৎসালয়ৰ ব্যৱস্থা, চিকিৎসা সামগ্রী দেশতেই নির্মাণ হোৱা– এই দিশসমূহে প্রমাণ কৰে আজি সমগ্র দেশৰ এটাই লক্ষ্য, এটাই দিশ৷ দেশৰ কৃষকসকলক প্রশংসা কৰি প্রধানমন্ত্রীজনে কয় যে তেওঁলোকে নিজ উৎপাদিত কৃষি সামগ্রী দৰিদ্রসকলক বিতৰণ কৰিছে৷ সকলোৱে নিজৰ সামর্থ্যৰে এই যুঁজত অৱতীর্ণ হৈছে৷ কিছু লোকে পেন্সন বা পুৰস্কাৰত পোৱা ধন পিএম–কেয়ার্ছত জমা দিছে৷ কোনোবাই খেতিৰ শাক–পাচলি দান কৰিছে, কিছুমানে আকৌ শ শ দৰিদ্রক বিনামূলীয়া ভোজন কৰোৱাইছে৷ আন কিছুমানে মাস্ক বনাইছে৷ ‘মই সম্পূর্ণ নম্রতাৰে, অত্যন্ত আদৰ সহকাৰে আজি ১৩০ কোটি দেশবাসীৰ এই ভাবনাক সেৱা জনাইছোঁ৷

আপোনালোকে দেশৰ বাবে নিজৰ ৰুচিৰ হিচাপত সময়ানুসাৰে যাতে কিবা এটা কৰিব পাৰে, তাৰ বাবে চৰকাৰে এক ডিজিটেল প্লেটফর্ম প্রস্তুত কৰিছে৷ সেইটো হ’ল–covidwarriors.gov.in৷ চৰকাৰে এই প্লেটফর্মৰ জৰিয়তে বিভিন্ন সামাজিক সংস্থাৰ স্বেচ্ছাসেৱী, সমাজৰ প্রতিনিধি আৰু স্থানীয় প্রশাসনক একত্রিত কৰিছে৷ কম সময়তে এই প’র্টেলত ৫ কোটি লোক জড়িত হৈছে৷ আপোনালোকেও covidwarriors.gov.in-ৰ জৰিয়তে দেশৰ সেৱা কৰিব পাৰে, ক’ভিড–১৯ৰ যোদ্ধা হ’ব পাৰে৷’ –প্রধানমন্ত্রী মোদীয়ে এইদৰে কয়৷

‘প্রধানমন্ত্রী গৰিব কল্যাণ পেকেজ’ৰ অধীনত দৰিদ্রসকলৰ একাউণ্টত ধন জমা কৰা, বৃদ্ধ পেন্সন, বিনামূলীয়াকৈ তিনি মাহৰ চিলিণ্ডাৰ, খাদ্য–সামগ্রীৰ সুবিধাৰ কথা প্রধানমন্ত্রীজনে কয়৷ সংকটৰ সময়ছোৱাত বিশ্বৰ বিভিন্ন দেশৰ বাবে প্রয়োজন অনুসৰি ঔষধ প্রেৰণ কৰাৰ কথা উল্লেখ কৰি এই কথাও কয় যে যদি ভাৰতে বিশ্বক ঔষধ নিদিয়ে, তেতিয়াও আমাক কোনেও দূষিব নোৱাৰে৷ কিয়নো প্রতিখন দেশে জানে যে এই মুহূর্তত ভাৰতৰ বাবেও তেওঁলোকৰ প্রাথমিকতা নিজৰ দেশৰ নাগৰিকসকল৷ কিন্তু ভাৰতে নিজৰ সংস্কৃতি অনুসৰি সিদ্ধান্ত গ্রহণ কৰিলে৷ যেতিয়া পৃথিৱীৰ বিভিন্ন ৰাষ্ট্রৰ মুৰব্বীসকলৰ সৈতে কথা পতা যায়, সকলোৱে ভাৰতক ধন্যবাদ জ্ঞাপন কৰে৷ যেতিয়া ৰাষ্ট্রনেতাসকলে কয়– ‘থেংক ইউ ইণ্ডিয়া, থেং ইউ পিপল অৱ ইণ্ডিয়া’, তেতিয়া নিজকে গর্বিত অনুভৱ কৰোঁ৷ ৰোগ প্রতিৰোধক ক্ষমতা বৃদ্ধিৰ বাবে যোগ ব্যৱস্থাৰ চর্চা হোৱাৰ পাছত সমগ্র বিশ্বই ভৱিষ্যতে আয়ুর্বেদৰ উপকাৰিতা উপলব্ধি কৰি আদৰি ল’ব বুলি প্রধানমন্ত্রীজনে মন্তব্য কৰে৷

তেওঁ আৰু কয় প্রতিটো বিপদৰ পৰাই কিবা নহয় কিবা শিকিব পৰা যায়৷ দেশবাসীয়ে যি শক্তি দেখুৱালে, তাৰ পৰা ভাৰতত এক নতুন পৰিৱর্তন আহিব৷ আমি যাতে কেতিয়াও দেশৰ স্পর্শকাতৰ সময়ত অন্ধবিশ্বাসৰ কবলত নপৰোঁ৷ আমাৰ চহৰত, আমাৰ গাঁৱত, আমাৰ চুবুৰিত এতিয়ালৈকে ক’ৰোনা অহা নাই বা ইয়াত ক’ৰোনা নহয়– এনে ভুল ধাৰণাৰ বশৱর্তী নহ’বলৈ প্রধানমন্ত্রীজনে দেশবাসীক আহ্বান জনায়৷ ‘সাৱধানতা আঁতৰিলেই দুর্ঘটনা সংঘটিত হয়৷’ –এই বচনফাঁকি আওৰাই প্রধানমন্ত্রীজনে সকলো লোকৰে সুস্বাস্থ্য কামনা কৰে৷ পৱিত্র ৰমজান মাহৰ উল্লেখেৰে প্রধানমন্ত্রীজনে আৰু কয় যে সমগ্র বিশ্বতে আহি পৰা সমস্যাৰ সময়ত আমি এই ৰমজান সংযম, সদ্ভাবনা, সংবেদনশীলতা আৰু সেৱাৰ ভাবেৰে পালন কৰাৰ অৱকাশ আহি পৰিছে৷

You might also like