নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউনঃ মুখ্যমন্ত্রীসকলৰে আজি আলোচনাত বহিব প্রধানমন্ত্রী

নিয়মীয়া বাৰ্তা, ২৭ এপ্ৰিলঃ ভাৰতত লকডাউন এমাহ অতিক্রম কৰাৰ পাছতো ক’ৰোনা ভাইৰাছৰ সংক্রমণ নিয়ন্ত্রণলৈ আনিব নোৱাৰাত বহুকেইখন ৰাজ্যই লকডাউন পুনৰ বৃদ্ধিৰ পোষকতা কৰিছে৷ শনিবাৰে দিল্লী চৰকাৰে স্পষ্টভাৱে জনায় যে দেশৰ ৰাজধানীত লকডাউন ১৬ মে’লৈকে বৃদ্ধি হ’ব লাগে৷ আন পাঁচখন ৰাজ্য মহাৰাষ্ট্র, মধ্যপ্রদেশ, পশ্চিমবংগ, পঞ্জাব আৰু ওড়িশা চৰকাৰে একেদিনাই নিজ নিজ ৰাজ্যৰ হটস্পটসমূহত তিনি মে’ৰ পাছত লকডাউন বৃদ্ধিৰ পোষকতা কৰে৷ আনহাতে,  আন ছখন ৰাজ্য গুজৰাট, অন্ধ্রপ্রদেশ, তামিলনাডু, হাৰিয়ানা, হিমাচল প্রদেশ আৰু কর্ণাটকে সাম্প্রতিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি কেন্দ্রীয় চৰকাৰে যি সিদ্ধান্ত ল’ব, তেওঁলোকে তাকেই অনুসৰণ কৰিব বুলি জনাইছে৷

উল্লেখ্য যে ইতিমধ্যে তেলেংগানাই প্রথমখন ৰাজ্য হিচাপে ৭ মে’লৈকে লকডাউন বঢ়োৱাৰ কথা ঘোষণা কৰিছে৷ মহাৰাষ্ট্রৰ স্বাস্থ্যমন্ত্রী ৰাজেশ টোপেই মুম্বাই আৰু পুনেৰ কনটেইনমেণ্ট জ’নত অহা ১৮ মে’লৈকে লকডাউন বৃদ্ধিৰ পোষকতা কৰিছে৷ উল্লেখ্য যে দেশখনৰ মুঠ ক’ৰোনা ভাইৰাছ আক্রান্তৰ ৯২ শতাংশই এই অঞ্চল দুটাতে আছে৷ উল্লেখ্য যে মহাৰাষ্ট্র দেশৰ ভিতৰতে ক’ৰোনাত সর্বাধিক ক্ষতিগ্রস্ত হৈছে৷

ইফালে উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথেও ৰাজ্যখনৰ পৰিস্থিতি অত্যন্ত স্পর্শকাতৰ বুলি মন্তব্য কৰিছে৷ ৰাজ্যখনত অত্যাৱশ্যকীয় সামগ্রীৰ বাহিৰে অন্যান্য কোনো দোকান–পোহাৰ খুলিবলৈ অনুমতি দিয়া হোৱা নাই৷ তাৎপর্যপূর্ণভাৱে বিৰোধী দলৰ চৰকাৰ থকা পশ্চিমবংগ, ওড়িশা আৰু পঞ্জাবেও ৰাজ্যকেইখনৰ ক’ৰোনা সংক্রমিত অঞ্চলসমূহত তিনি মে’ৰ পাছতো লকডাউন সম্প্রসাৰণ কৰাৰ পোষকতা কৰিছে৷ পঞ্জাবৰ মুখ্যমন্ত্রী কেপ্ঢেইন অমৰিন্দৰ সিঙে মন্তব্য কৰিছে যে সাম্প্রতিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি ৰাজ্যখনৰ সকলো স্থানতে লকডাউন প্রত্যাহাৰ কৰাটো সম্ভৱ নহয়৷ মধ্যপ্রদেশৰ মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহানে স্পষ্ট কৰি দিছে যে ইণ্ডোৰ, ভূপাল, উজ্জয়িনী আৰু খাৰগনেত তিনি মে’ৰ পাছত লকডাউন উঠাই লোৱা সম্ভৱ নহ’ব৷

কর্ণাটকেও কেন্দ্রীয় চৰকাৰে লোৱা সিদ্ধান্তক অনুসৰণ কৰিব বুলি স্পষ্ট কৰি দিছে৷ ইয়াৰ বিপৰীতে ৰাজস্থানৰ মুখ্যমন্ত্রী অশোক গেহলটে কয় যে  লকডাউন বৃদ্ধি কৰা বা নকৰা সন্দর্ভত ৰাজ্যসমূহক স্বাধীনতা দিয়া উচিত৷ আনহাতে, গুজৰাটৰ উপ–মুখ্যমন্ত্রী নীতিন পেটেলে কয় যে ৰাজ্য চৰকাৰে কেন্দ্রীয় চৰকাৰৰ নির্দেশত কঠোৰভাৱে লকডাউন পালন কৰিব৷

ইফালে, তিনি মে’ৰ পাছত লকডাউন বৃদ্ধি সন্দর্ভত আলোচনা কৰিবলৈ আজি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলৰ মুখ্যমন্ত্রীসকলৰ সৈতে ভিডিঅ’ কনফাৰেঞ্চযোগে এক আলোচনাত মিলিত হ’ব৷ ক’ৰোনা ভাইৰাছ প্রতিৰোধৰ বাবে দিল্লী চৰকাৰে গঠন কৰা কমিটীয়ে দেশক ক’ৰোনাৰ পৰা সম্পূর্ণৰূপে মুক্ত কৰিবলৈ ছয় মে’লৈকে লকডাউন বৃদ্ধিৰ পৰামর্শ দিয়াৰ পাছত আজি ৰাজ্যসমূহৰ মুখ্যমন্ত্রীসকলৰ সৈতে প্রধানমন্ত্রী মোদীয়ে কি সিদ্ধান্ত গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷

অৱশ্যে লকডাউন বৃদ্ধি সন্দর্ভত অসম, কেৰালা আৰু বিহাৰ চৰকাৰে এতিয়ালৈকে কোনো ধৰণৰ মন্তব্য আগবঢ়োৱা নাই৷ কাইলৈ প্রধানমন্ত্রীৰে হ’ব লগা মুখ্যমন্ত্রীসকলৰ আলোচনাৰ পাছতে এই ৰাজ্য তিনিখনে পৰৱর্তী সিদ্ধান্ত গ্রহণ কৰিব৷

You might also like