নিয়মীয়া বাৰ্তা, ২১ অক্টোবৰঃ ক’ভিড–১৯সৃষ্ট পৰিস্থিতিৰ মাজতে দেশজুৰি চলিবলগীয়া উৎসৱৰ বতৰত মঙলবাৰে সন্ধিয়া দেশবাসীক সম্বোধন কৰিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ নৱৰাত্রিৰ পৰা দুর্গা পূজা, দীপাৱলীলৈকে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰি প্রধানমন্ত্রী মোদীয়ে ক’ভিড–১৯ৰ প্রট’কল মানি দেশৰ প্রতিজন নাগৰিকক উৎসৱ উদ্যাপন কৰিবলৈ আহ্বান জনায়৷ ক’ৰোনা ভাইৰাছ মহামাৰী চলি থকাৰ সময়ত সপ্তমবাৰৰ বাবে দেশবাসীক ১২ মিনিট সম্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে লকডাউন শেষ হ’লেও ভাইৰাছ শেষ হোৱা নাই৷ গতিকে প্রতিজন ভাৰতীয়ই মহামাৰী ক’ৰোনাক লৈ অধিক সতর্কতা অৱলম্বন কৰিব লাগিব৷ ক’ভিড–১৯ ভেকচিন নোলোৱালৈকে মহামাৰী ভাইৰাছটোৰ বিপদক সহজভাৱে ল’ব নালাগে৷
ইপিনে, ক’ভিড–১৯ ভেকচিন বিকশিত কৰিবলৈ দেশৰ বিজ্ঞানীসকলে অহোপুৰুষার্থ কৰি থকা বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে ভেকচিন উপলব্ধ হ’লেই প্রতিগৰাকী ভাৰতীয়ক ইয়াৰ সুবিধা প্রদান কৰাৰ বাবে ইতিমধ্যে পৰিকল্পনা সাজু কৰা হৈছে বুলি কয়৷ ৰামচৰিতৰ বাক্য ‘শত্রু, ৰোগ, জুই, পাপ, ভগৱান অথবা সাপক সহজভাৱে কোনোৱে কেতিয়াও লোৱা উচিত নহয়’ বুলি উদ্ধৃতি দি প্রধানমন্ত্রী মোদীয়ে ক’ভিড–১৯কো সহজভাৱে নল’বলৈ আহ্বান জনায়৷ পশ্চিমীয়া বিকশিত দেশৰ তুলনাত ভাৰতত ক’ভিড–১৯ৰ সংহাৰ অতি কম বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে আমেৰিকা যুক্তৰাষ্ট্র, ব্রাজিল, স্পেইন, ব্রিটেইন আদিকে ধৰি দেশত প্রতি ১০ লাখৰ বিপৰীতে ৬০০তকৈ অধিক লোকে প্রাণ হেৰুৱাইছে৷ কিন্তু ভাৰতত প্রতি ১০ লাখৰ বিপৰীতে ৮৩জনে প্রাণ হেৰুৱাইছে৷ মহামাৰী ক’ভিড–১৯ৰ সংক্রমণ অব্যাহত আছে বুলি উল্লেখ কৰি প্রধানমন্ত্রীগৰাকীয়্ কয়– ‘লকডাউন শেষ হ’লেও আমি পাহৰি যোৱা উচিত নহয় যে ভাইৰাছ এতিয়াও শেষ হোৱা নাই৷ বিগত ৭–৮ মাহ ধৰি প্রতিগৰাকী ভাৰতীয়ৰ পদক্ষেপৰ বাবে ক’ভিড–১৯ৰ পৰিস্থিতি দেশত সুস্থিৰ হৈছে৷ আমি সেই পৰিস্থিতিৰ অৱনতি ঘটাব নালাগে৷ জনতা কার্ফিউৰ পৰা আজিলৈকে দীর্ঘদিন ধৰি ভাৰতীয়সকলে বিভিন্ন জটিলতাৰ মাজেৰে আহি এক সুস্থিৰ ক্ষণত উপনীত হোৱাৰ দিশে আগবাঢ়িছে৷ গতিকে ক’ভিড–১৯ক লৈ অধিক সতর্কতা বর্তাই ৰাখিব লাগিব৷ দেশৰ প্রতিজন নাগৰিক আৰু প্রতিটো পৰিয়ালক নিৰাপদ আৰু সুখী হিচাপে দেখিবলৈ বিচাৰে বুলি হাতযোৰ কৰি প্রধানমন্ত্রী মোদীয়ে বাহিৰলৈ ওলাই অহাৰ সময়ত মাস্ক পৰিধান কৰাৰ লগতে ক’ভিড–১৯ প্রট’কল মানিবলৈ আহ্বান জনায়৷
ক’ভিড–১৯ প্রট’কলৰ নির্দেশনা দেশবাসীৰ সন্মুখত সঠিকভাৱে প্রচাৰ কৰি দেশৰ সেৱা আগবঢ়োৱা মিডিয়া আৰু ছ’চিয়েল মিডিয়াৰ বন্ধুসকলক প্রধানমন্ত্রী মোদীয়ে প্রশংসা কৰে৷ মানৱ জাতিক ৰক্ষাৰ বাবে বিশ্বই যুদ্ধংদেহি মনোভাবেৰে ক’ভিড–১৯ ভেকচিন বিকশিত কৰাৰ বাবে অহোপুৰুষার্থ কৰি থকা বুলি উল্লেখ কৰি প্রধানমন্ত্রীগৰাকীয়্ কয় যে ভাৰততো কেইবাটাও ক’ভিড ভেকচিনৰ পৰীক্ষণ চলি আছে৷ উল্লেখ্য যে শেহতীয়াভাৱে ক’ভিড–১৯ক লৈ একাংশ লোকে সাৱধানতা অৱলম্বন নকৰা আলোকচিত্র আৰু ভিডিঅ’ৰ প্রসংগ উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে সম্পূর্ণ সফলতা লাভ নকৰালৈকে অনুগ্রহ কৰি অৱজ্ঞা নকৰিব৷ যেতিয়ালৈকে ক’ভিড ভেকচিন উপলব্ধ নহয়, তেতিয়ালৈকে এই মহামাৰীৰ বিৰুদ্ধে যুঁজ এৰি দিব নালাগিব৷ ক’ভিড–১৯সৃষ্ট পৰিৱেশক লৈ দেশবাসীৰ যুঁজক প্রশংসা কৰি প্রধানমন্ত্রী মোদীয়ে উৎসৱৰ বতৰত সকলোকে ক’ভিড–১৯ প্রট’কল মানি চলিবলৈ আহ্বান জনায়৷