নিয়মীয়া বাৰ্তা, ১২ মে’: বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্রীসকলৰ সৈতে সোমবাৰে বিয়লি অনুষ্ঠিত ভিডিঅ’ কনফাৰেঞ্চিঙত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কয় যে লকডাউন শিথিলৰ সিদ্ধান্ত লোৱা হৈছে যদিও সকলোৱে ন’ভেল ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে অত্যন্ত সতর্ক হৈ থাকিব লাগিব ৷ ১৭ মে’ত তৃতীয় পর্যায়ৰ লকডাউনৰ সমাপ্তিৰ পাছত কেন্দ্রীয় চৰকাৰে কি পদক্ষেপ ল’ব, তাক লৈ চিন্তা–চর্চা অব্যাহত থকাৰ সময়তে ভিডিঅ’ কনফাৰেঞ্চিঙত প্রধানমন্ত্রী মোদীয়ে কয়– ‘যি য’তেই আছে, তেনেকৈয়ে থাকক, এয়াই বিচাৰিছিল চৰকাৰে ৷ কিন্তু নিজ গৃহলৈ যোৱাৰ ইচ্ছা মানুহৰ সহজাত প্রৱণতা ৷ এটা কথা মনত ৰাখিব লাগিব যাতে গাঁওসমূহত ক’ৰোনা মহামাৰীয়ে ঢুকি নাপায় ৷ বর্তমান সময়ত গাঁওসমূহক ক’ৰোনাৰ সংক্রমণৰ পৰা ৰক্ষা কৰাটো এক বৃহৎ প্রত্যাহ্বান ৷’ বৈঠকত প্রধানমন্ত্রীৰ লগতে সকলো মুখ্যমন্ত্রীয়ে প্রব্রজনকাৰী শ্রমিকসকলে লকডাউনৰ সময়ত সন্মুখীন হোৱা দুর্দশাক লৈ উদ্বেগ ব্যক্ত কৰে ৷
মুখ্যমন্ত্রীসকলৰ সৈতে মোদীয়ে সাম্প্রতিক সময়ত দেখা দিয়া বিভিন্ন পৰিস্থিতিৰ বিষয়েও মত বিনিময় কৰে ৷ তেওঁ কয় যে দেশৰ প্রতিখন ৰাজ্যতে লকডাউন বলৱৎ কৰাৰ পাছত স্তব্ধ হৈ পৰিছিল অর্থনীতি ৷ কিন্তু বর্তমান অর্থনৈতিক কাম–কাজ লাহে লাহে আৰম্ভ হৈছে ৷ অনাগত সময়ত ই অধিক গতি লাভ কৰিব ৷ প্রধানমন্ত্রীজনে কয় – ‘আমি এই কথা অনুভৱ কৰিব লাগিব যে ক’ভিড–১৯ৰ বিৰুদ্ধে কৰা যুঁজেই মূল লক্ষ্য হোৱা উচিত ৷ যিসমূহ অঞ্চলত সামাজিক দূৰত্ব সঠিক ৰূপে মানি চলা নাই, তেনে ঠাইসমূহতে ক’ৰোনা ভাইৰাছ সংক্রমণৰ সংখ্যা বৃদ্ধি পাইছে ৷’ উল্লেখ্য যে ক’ৰোনা ভাইৰাছৰ সংকট আৰম্ভ হোৱাৰ পাছত সোমবাৰে পঞ্চমবাৰৰ বাবে প্রধানমন্ত্রীয়ে বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্রীসকলৰ সৈতে এনেদৰে বৈঠকত অংশ ল’লে ৷ প্রায় ৬ ঘণ্টাজোৰা ভিডিঅ’ কনফাৰেঞ্চিঙত প্রতিজন মুখ্যমন্ত্রীক নিজৰ বক্তব্য প্রদানৰ বাবে পোনপটীয়া সংযোগেৰে সুযোগ প্রদান কৰা হয় ৷ আজিৰ বৈঠকত অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জী, পঞ্জাবৰ মুখ্যমন্ত্রী অমৰিন্দৰ সিং, মধ্যপ্রদেশৰ মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহানকে ধৰি প্রায়সংখ্যক মুখ্যমন্ত্রীয়েই অংশ লয় ৷ ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি মহাৰাষ্ট্র, পঞ্জাব, পশ্চিমবংগ আৰু তেলেংগানা, বিহাৰ আৰ উত্তৰ প্রদেশে দেশত চলি থকা লকডাউন বৃদ্ধি কৰাৰ পোষকতা কৰে ৷
মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী উদ্ধৱ থাকৰেই কয় যে লকডাউন অবিহনে আগবাঢ়ি যোৱাটো অসম্ভৱ কথা ৷ পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়েও লকডাউনৰ সমর্থন কৰে ৷ এই জটিল সন্ধিক্ষণত কোনো ৰাজনীতি কৰা উচিত নহয় বুলি মন্তব্য কৰে ৷ দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে কণ্টেইনমেণ্ট জ’নৰ বাহিৰে আন সকলো স্থানত অর্থনৈতিক কাম–কাজ আৰম্ভ কৰাৰ পোষকতা কৰে ৷ তামিলনাডুৰ মুখ্যমন্ত্রী ই পালানিস্বামীয়ে চলিত মাহত তামিলনাডুত, বিশেষকৈ চেন্নাইত বিমান আৰু ৰে’লসেৱা আৰম্ভ নকৰিবলৈ আহ্বান জনায় ৷ অন্ধ্রৰ মুখ্যমন্ত্রী জগন মোহন ৰেড্ডিয়ে কৃষিভিত্তিক বজাৰ, ৰাজহুৱা পৰিবহণ ব্যৱস্থা, দোকান–পোহাৰ, শ্বপিং ম’ল খোলাৰ পক্ষত মত দিয়ে ৷ আনহাতে, কেৰালাৰ মুখ্যমন্ত্রী পিনাৰাই বিজয়নে ৰে’ল, পথ আৰু বিমান সেৱা সীমাবদ্ধতাৰ মাজেৰে চলাচলত গুৰুত্ব প্রদান কৰে৷ ক’ৰোনা মহামাৰীৰ বিৰুদ্ধে এই যুঁজত ৰাজ্যসমূহৰ অৱদানক প্রশংসা কৰি প্রধানমন্ত্রীজনে কয় – ‘প্রতিখন ৰাজ্যই নিজৰ দায়িত্ব বুজি সেই মতে ক’ৰোনাৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিছে ৷ সকলো ৰাজ্যৰ কেবিনেট সচিবসকলৰ সৈতে যোগাযোগ ৰক্ষা কৰি চলিছে কেবিনেট সচিবে৷ আমি আৰু সজাগ হ’ব লাগিব ৷ ভাৰসাম্য বজাই ৰাখি পৰৱর্তী পদক্ষেপ গ্রহণ কৰিব লাগিব ৷ ক’ৰোনাৰ বিৰুদ্ধে যুঁজত সকলো একগোট হ’ব লাগিব আৰু সকলোৰে পৰামর্শ মানি গাইডলাইন প্রস্তুত কৰা হ’ব ৷’ প্রধানমন্ত্রী মোদীয়ে ১৫ মে’ৰ ভিতৰত প্রতিখন ৰাজ্যৰ পৰা অর্থনৈতিক ক্ষেত্রৰ পৰামর্শসমূহ আজিৰ বৈঠকযোগে বিচাৰিলে ৷ ৬খনকৈ ৰাজ্যই লকডাউন বৃদ্ধিৰ সপক্ষত বক্তব্য ৰখাত অহা দুই–তিনি দিনৰ ভিতৰত লকডাউন সন্দর্ভত কেন্দ্রই নতুন নির্দেশনা গ্রহণ কৰাটো প্রায় নিশ্চিত হৈ পৰিল ৷ উল্লেখ্য যে বৈঠকত প্রধানমন্ত্রীৰ লগতে অংশ লয় কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং, বিত্তমন্ত্রী নির্মলা সীতাৰমণ, স্বাস্থ্যমন্ত্রী ডাঃ হর্ষ বর্ধনসহ কেন্দ্রীয় মন্ত্রীসভাৰ আন কেইবাজনো সদস্যই ৷