নিয়মীয়া বাৰ্তা, ৩০ছেপ্টেম্বৰঃ ভাৰতত শীঘ্ৰেই আৰম্ভ হ’বলৈ গৈ আছে 5G ইণ্টাৰনেট সেৱা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১ অক্টোবৰৰ পৰা প্ৰতীকী ৰূপত আৰম্ভ কৰিব ৫জি সেৱা। অহা ১ অক্টোবৰৰ পৰা দিল্লীৰ প্ৰগতি ময়দানত ৪ দিনীয়া ইণ্ডিয়া ম’বাইল কংগ্ৰেছৰ (India Mobile Congress) কাৰ্যসূচী আৰম্ভ হ’ব। এই কাৰ্যসূচীৰ সময়তে দেশত প্ৰধানমন্ত্ৰী মোদীয়ে দূৰন্ত 5G সেৱা আৰম্ভ কৰিব।
ভাৰতীয় দূৰসন্সাৰ নিয়ামক প্ৰাধিকৰণ চমুকৈ ট্ৰাইয়ে ইতিমধ্যে দেশৰ চাৰিটা স্থানত সফল 5G ট্ৰায়েল সম্পন্ন কৰিছে। শনিবাৰে এই স্থানসমূহত 5G ইন্টাৰনেট সেৱা আৰম্ভ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। এই চাৰিটা স্থানৰ ভিতৰত আছে দিল্লীৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, বেংগালুৰুৰ মেট্ৰ’, কন্দলা বন্দৰ আৰু ভোপালৰ স্মাৰ্ট চিটি অঞ্চল। এই চাৰিটা স্থানত 5G ৰ সফল ট্ৰায়েলৰ বাবে ইয়াৰ সম্পূৰ্ণ আন্তঃগাঁথনিও ইয়াত সাজু হৈছে।