নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছোৱালীৰ অশ্লীল ভিডিঅ’ চিত্ৰগ্ৰহণ : কানপুৰত হোষ্টেলৰ ছুইপাৰক আটক আৰক্ষীৰ

বিশেষ বাৰ্তা, ৩০ অক্টোবৰঃ কানপুৰ আৰক্ষীয়ে ছোৱালী হোষ্টেলৰ এজন ছুইপাৰক আটক কৰিছে। ঘটনা মতে ছাই নিৱাস গাৰ্লছ হোষ্টেলত থকা নীটৰ এগৰাকী পৰীক্ষাৰ্থীয়ে তেওঁ থকা হোষ্টেলৰ ছুইপাৰগৰাকীয়ে অশ্লীল ভিডিঅ’ বনোৱাৰ অভিযোগ উত্থাপন কৰি আৰক্ষীক এজাহাৰ দাখিল কৰে। এজাহাৰ দাখিলৰ পিছতে আৰক্ষীয়ে ছুইপাৰগৰাকীক আটক কৰে। আনহাতে আন কিছুমান ছোৱালীয়েও তেওঁৰ ওপৰত তেওঁলোকৰ ভিডিঅ’ৰ অভিযোগ উত্থাপন কৰিছিল। কল্যাণপুৰৰ সহকাৰী আৰক্ষী আয়ুক্ত ডি কে শুক্লাই কয় যে অভিযুক্তৰ মোবাইল ফোনটো জব্দ কৰি ফৰেনছিক বিশ্লেষণৰ বাবে প্ৰেৰণ কৰা হৈছে। কানপুৰৰ ছাই নিৱাস গাৰ্লছ হোষ্টেলৰ এগৰাকী কৰ্মীক তেওঁলোকৰ ভিডিঅ’ বনোৱাৰ অভিযোগ উত্থাপন কৰি নীটৰ পৰীক্ষাৰ্থী য়ে এজাহাৰ দাখিল কৰাৰ পিছতে জিম্মাত লোৱা হয়। ছুইপাৰজনে প্ৰায় ৮ বছৰ ধৰি হোষ্টেলত কৰ্মৰত হৈ আছিল। তেওঁ লগতে কয় যে এটা গোচৰো ৰুজু কৰা হৈছে আৰু ব্যৱস্থা গ্ৰহণ কৰা হ’ব। লগতে অধিক তদন্ত অব্যাহত আছে। শেহতীয়াকৈ চণ্ডীগড় বিশ্ববিদ্যালয় চৌহদত ছাত্ৰীৰ কিছু ভিডিঅ’ ৰেকৰ্ডিং কৰি লিক হোৱাৰ দাবীক লৈ প্ৰতিবাদৰ সূত্ৰপাত ঘটিছিল।

You might also like