নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশৰ কোনখন চহৰত প্ৰথমবাৰৰ বাবে বিদ্যুত সংযোগ হৈছিল জানেনে?

আজি দেশৰ প্ৰায় সকলো প্ৰান্ততে বিদ্যুৎ প্ৰবাহিত হৈছে। চহৰসমূহৰ বাহিৰেও এতিয়া দেশৰ গাঁওসমূহো বিদ্যুতৰ পোহৰত উজ্বলি উঠিছে। কিন্তু এটা সময় আছিল, যেতিয়া দেশত বিদ্যুৎ ব্যৱস্থা নাছিল। তাৰ পিছত প্ৰথমবাৰৰ বাবে দেশৰ এখন চহৰ বিদ্যুতেৰে আলোকিত হ’ল। এই লেখাটোৰ জৰিয়তে আমি আপোনাক জনাব বিচাৰিছোঁ যে দেশৰ কোনখন চহৰে প্ৰথমে বিদ্যুৎ লাভ কৰিছিল।

ভাৰতত প্ৰথমবাৰৰ বাবে কলকাতাই বিদ্যুতৰ সুবিধা পাইছিল। ১৯৭৯ চনত এই চহৰখনত প্ৰথমবাৰৰ বাবে বিদ্যুতৰ ব্যৱস্থা কৰা হৈছিল, তাৰ পিছত ১৯৮১ চনত দ্বিতীয়বাৰৰ বাবে বিদ্যুতৰ ব্যৱস্থা কৰা হৈছিল। ইয়াৰ বাহিৰেও এছিয়াৰ প্ৰথম বৈদ্যুতিক ষ্ট্ৰীট লাইট ১৯০৫ চনৰ ৫ আগষ্টত বেংগালুৰুত জ্বলোৱা হৈছিল।

১৮৯৭ চনত ভাৰতত প্ৰথমবাৰৰ বাবে জলবিদ্যুৎ শক্তি উৎপাদন কৰা হৈছিল। দাৰ্জিলিং পৌৰসভাৰ বাবে ছিদ্ৰাপঙত এটা জলবিদ্যুৎ কেন্দ্ৰ স্থাপন কৰা হয়।

এটা সময় আছিল যেতিয়া গাঁওবোৰটো বাদেই ডাঙৰ চহৰবোৰেও ভালদৰে বিদ্যুৎ লাভ কৰিব পৰা নাছিল। কিন্তু আজি ভাৰত বিশ্বৰ শীৰ্ষ বিদ্যুৎ উৎপাদনকাৰী দেশসমূহৰ ভিতৰত অন্যতম। জল, তাপ আৰু পাৰমাণৱিক শক্তিৰ লগতে সৌৰশক্তি আৰু বায়ু শক্তি ব্যৱহাৰ কৰিও আমাৰ দেশত বিদ্যুৎ উৎপাদন কৰা হয়।

বৰ্তমান ভাৰতত ক্ৰমবৰ্ধমান পৰিৱেশ প্ৰদূষণ আৰু অধিক ইন্ধনৰ ব্যৱহাৰ আদিৰ প্ৰতি লক্ষ্য ৰাখি নবীকৰণযোগ্য শক্তি সম্পদৰ জৰিয়তে শক্তি উৎপাদনত গুৰুত্ব দিয়া হৈছে। বিশেষকৈ সৌৰশক্তিৰ ক্ষেত্ৰত ইয়াৰ অপৰিসীম সম্ভাৱনা আছে।

                                                   -প্ৰণৱজ্যোতি মহন্ত

You might also like