নিউজ ডেস্ক, ২৪ নৱেম্বৰ : গুজৰাটৰ মুখ্যমন্ত্রীৰ পৰা দেশৰ প্রধানমন্ত্রী হিচাপে নৰেন্দ্র মোদীক শাসনৰ গাদীত অধিষ্ঠিত কৰাত নির্বাচনী ৰণনীতি প্রস্তুত কৰাকে ধৰি বিভিন্ন দলক জয়ৰ কৌশল দিয়া নির্বাচনী ৰণনীতি বিশেষজ্ঞ প্রশান্ত কিশোৰৰ নিজৰ দলটোৱে বিহাৰৰ বিধানসভাৰ উপ–নির্বাচনত শোচনীয় পৰাজয়ৰ সন্মুখীন হয়৷ বিহাৰৰ উপ–নির্বাচনত প্রতিদ্বন্দ্বিতা কৰা প্রশান্ত কিশোৰৰ জনসুৰজ পার্টীৰ আটাইকেইজন প্রার্থীয়ে শোচনীয় পৰাজয়ৰ সন্মুখীন হয়৷ বিহাৰত ৰাজনৈতিক দল জনসুৰজ পার্টী গঠন কৰি চমক দিবলৈ প্রয়াস কৰা প্রশান্ত কিশোৰে প্রথম পদক্ষেপতে মুখথেকেচা খালে৷ বিহাৰৰ চাৰিটা বিধানসভা সমষ্টিৰ উপ–নির্বাচনত দলটোৱে প্রার্থিত্ব প্রদান কৰে যদিও আটাইকেইজন প্রার্থীয়ে পৰাজিত হয়৷ ইমানগঞ্জ, বেলাগঞ্জ, ৰাণগড় আৰু তাৰাৰী বিধানসভা সমষ্টিত প্রশান্ত কিশোৰৰ দলটোৱে প্রতিদ্বন্দ্বিতা আগবঢ়ায়৷ কিন্তু এটা সমষ্টিতো জয়লাভ কৰিবলৈ সক্ষম নহ’ল৷ লক্ষণীয় যে প্রশান্ত কিশোৰে দল গঠন কৰি ২০২৫ চনত বিহাৰ বিধানসভাৰ ২৪৩টা সমষ্টিতে প্রতিদ্বন্দ্বিতা আগবঢ়োৱাৰ ঘোষণা কৰিছে৷ কিন্তু উপ–নির্বাচনত শোচনীয় পৰাজয়ে প্রশান্ত কিশোৰৰ দলটোৰ বাবে ৰাজনৈতিক ভৱিষ্যৎ অনিশ্চয়তাৰ সৃষ্টি কৰিলে৷