নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্যক্তিগত ৰে’ল কোম্পানীলৈ সুযোগ চৰকাৰৰ

নিয়মীয়া বাৰ্তা ১৯ ছেপ্টেম্বৰঃ   ভাৰতৰ ৰে’ল খণ্ডত ব্যক্তিগত কোম্পানীয়ে সেৱা আৰম্ভ কৰিলে যাত্রী ভাৰা নিজেই নির্ধাৰণ কৰিব৷ ৰে’ল খণ্ডত বিনিয়োগকাৰীক উৎসাহিত কৰিবলৈ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে এই সিদ্ধান্ত গ্রহণ কৰিছে৷ আজি ভাৰতৰ ৰে’লৱে ব’ডৰ অধ্যক্ষ ভিকে যাদৱে সংবাদ মাধ্যমক জনাইছে এই তথ্য৷ স্মর্তব্য যে দেশখনত ৰে’ল ভাৰা ৰাজনৈতিকভাৱে এক স্পর্শকাতৰ বিষয়৷ দেশত প্রতিদিনে ৰে’লত অহা–যোৱা কৰে অষ্ট্রেলিয়াৰ মুঠ জনসংখ্যাৰ সমসংখ্যক যাত্রী৷ শেহতীয়াকৈ ৰে’লত ব্যক্তিগত বিনিয়োগকাৰীৰ বাবে পথ মুকলি কৰি দিছে চৰকাৰে৷

You might also like