ডিজিটেল ডেস্ক, ২৪ এপ্ৰিল : দেশৰ ৰাজনীতিত জোকাৰণি তুলি শুকুৰবাৰে আম আদমী পাৰ্টীৰ নেতা তথা সাংসদ ৰাঘৱ চাদ্ধাই দলৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰে। আম আদমী পাৰ্টীৰ ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাদ্ধাৰ দলত্যাগত দেশৰ ৰাজনীতিত তীব্ৰ প্ৰতিক্ৰিয়া আৰম্ভ হৈছে । কেৱল ৰাঘৱ চাদ্ধাই নহয়, আপৰ আন ৬ সাংসদেও দলত্যাগৰ ঘোষণা কৰিছে। ৰাজ্যসভাৰ সাংসদগৰাকীয়ে অচিৰেই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব বুলিও সদৰী কৰে।
ৰাঘৱ চাদ্ধাই উল্লেখ কৰে যে আম আদমী পাৰ্টীয়ে নিজৰ আদৰ্শ আৰু মৌলিক মূল্যবোধৰ পৰা সম্পূৰ্ণৰূপে বিচ্যুত হৈছে। মই আম আদমী পাৰ্টীৰ পৰা নিজকে আঁতৰাই ৰাইজৰ ফালে আগবাঢ়িছোঁ। উল্লেখযোগ্যভাৱে হাঁহি মাৰি ৰাঘৱ চাদ্ধাই নিজকে “ভুল দলৰ সঠিক মানুহ” বুলি অভিহিত কৰে।
তেওঁ লগতে অভিযোগ কৰে যে নিজৰ তেজ আৰু ঘাম মাটিত পেলাই লালন-পালন কৰা দলটো আজি দুৰ্নীতিত লিপ্ত হৈছে । এতিয়া প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ দেশৰ প্ৰতি থকা দৃষ্টিভংগীৰ সৈতে কাম কৰিব বুলি চাদ্ধাই কয়।