ডিজিটেল ডেস্ক, ২৪ এপ্ৰিল : অৱশেষত নগাঁও জিলা সত্ৰ ন্যায়াধীশ আদালতে চাঞ্চল্যকৰ অভি-নীল হত্যাকাণ্ড গোচৰৰ দোষী সাব্যস্তৰ শাস্তি ঘোষণা কৰিলে। ৮ বছৰীয়া অপেক্ষাৰ অন্তত অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায় দিয়াৰ পিছত আজি নগাওঁ জিলা সত্ৰ ন্যায়াধীশ আদালতে দোষী সাব্যস্ত ২০জনৰ শাস্তি ঘোষণা কৰে। সেই অনুসৰি অভি-নীল হত্যাকাণ্ডৰ দোষীৰ সাব্যস্ত হোৱা ২০জনক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি ঘোষণা কৰে আদালতে। লগতে ২০ হাজাৰ টকাকৈ ভৰিব লাগিব জৰিমনা।
নগাঁও জিলা সত্ৰ ন্যায়াধীশ আদালতে ২০ এপ্ৰিলত চাঞ্চল্যকৰ অভি-নীল হত্যাকাণ্ডৰ ঘটনাৰ ৪৫জন অভিযুক্তৰ ভিতৰত ২০জনক দোষী সাব্যস্ত কৰে। আনহাতে, প্ৰমাণৰ অভাৱত বাকী ২৫জন অভিযুক্তক নিৰ্দোষ ঘোষণা কৰা হয়। দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত আদালতে উক্ত অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায় দিয়ে যদিও আজি (২৪ এপ্ৰিল) দোষী সাব্যস্ত ২০জনৰ শাস্তি ঘোষণা কৰে। সেই অনুসৰি বিশ্ব ৰাম স্বৰ্গীয়াৰী, পান্থেং বসুমতাৰী, আলফাজজ তিমুং, ইনোচেন ইংতি, ৰায়কম তিমুং, ৰত্নেশ্বৰ টেৰাং, ফুকন লেখতে, আনোচ তিমুং, প্ৰেছ তিমুং, ৰূপছিং ক্ৰ’, ধনো মেছ, বাবু সিং ক্ৰ’, বিক্ৰম হান্সে, চিকাৰী ৰংপি, বাবু ৰংপি, বিদ্যাছিং ৰংপি, মেনছিং ক্ৰ’, দীপজ্যোতি বসুমতাৰী, ৱাৰেছ ৰংপি, অন্দা মেছক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে।
উল্লেখ্য যে ২০১৮ চনৰ ৮ জুনত কাৰ্বি ভূমিৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ যোৱাৰ সময়তে সংঘটিত হৈছিল উক্ত বৰ্বৰ হত্যাকাণ্ড। ডকমকাৰ পাণজুৰি গাঁৱৰ পৰা উভতি অহাৰ সময়ত নীলোৎপল দাস আৰু অভিজিৎ নাথ একাংশ উন্মাদ লোকৰ আক্ৰমণৰ বলি হৈছিল। এই আক্ৰমণত তিনিজন কিশোৰো জড়িত আছিল। এই ঘটনাই ৰাজ্যৰ লগতে সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছিল। ঘটনাৰ পিছতে অসম আৰক্ষীয়ে তৎপৰতাৰে উক্ত ঘটনা সন্দৰ্ভত তিনিজন কিশোৰসহ মুঠ ৪৮জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল।
এই ঘটনাৰ অভিযোগনামা ২০২৪ চনত দাখিল কৰা হৈছিল। প্ৰথমে ডিফুত বিচাৰ চলি আছিল যদিও গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত গোচৰটো নগাঁও ছেছন আদালতলৈ স্থানান্তৰ কৰা হয়।
দেশ জোকাৰি যোৱা এই নিৰ্মম হত্যাকাণ্ডৰ ৮ বছৰ ধৰি গোচৰ চলি আছিল। অৱশেষত সোমবাৰে (২০ এপ্ৰিল) ৮ বছৰীয়া অপেক্ষাৰ অন্তত অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায় দিয়ে নগাওঁ জিলা সত্ৰ ন্যায়াধীশ আদালতে। এই ৰায়ত ৪৫জন অভিযুক্তৰ ভিতৰত ২০জনক দোষী সাব্যস্ত কৰাৰ বিপৰীতে প্ৰমাণৰ অভাৱত বাকী ২৫জন অভিযুক্তক নিৰ্দোষ ঘোষণা কৰা হয়।