নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰী বাংলো খালী কৰাৰ জাননীত ৰাহুল গান্ধীৰ উত্তৰ – “এই নিৰ্দেশ পালন কৰিব”

নিয়মীয়া বাৰ্তা, ২৮মাৰ্চ: কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ অশান্তি যেন ক্ৰমাগতভাৱে বাঢ়িছে। এইবাৰ চৰকাৰী ঘৰ খালী কৰাৰ জাননী দিয়া হৈছে নেতাগৰাকীক। এই জাননীৰ উত্তৰ দি ৰাহুলে কয় যে তেওঁ এই নিৰ্দেশ পালন কৰিব। অৱশ্যে এই ঘৰটোৰ লগত তেওঁৰ বহু স্মৃতি সংলগ্ন হৈ আছে বুলিও তেওঁ কয়।

বাংলো খালী কৰিবলৈ কোৱা পত্ৰৰ উত্তৰ দি লোকসভাৰ উপ-সচিবক ধন্যবাদ জ্ঞাপন কৰে ৰাহুল গান্ধীয়ে। তেওঁ লিখিছে, তেওঁ এই আদেশ মানি চলিব। ইয়াৰ সমান্তৰালকৈ ৰাহুলে লগতে কয় যে ১২ তুগলক লেনত থাকি সাংসদ হিচাপে বাংলোত থকাৰ সময়ত তেওঁৰ বহু স্মৃতি আছে, কিন্তু এতিয়া তেওঁক দিয়া আদেশ মানি চলিব।

একে সময়তে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে বাংলো খালী কৰাৰ জাননী সন্দৰ্ভত কয় যে চৰকাৰে ৰাহুল গান্ধীক দুৰ্বল কৰি তুলিবলৈ চেষ্টা কৰিছে।

দৰাচলতে লোকসভাৰ সাংসদ পদৰ পৰা অযোগ্য ঘোষণা কৰাৰ পিছতে লোকসভা আৱাস সমিতিয়ে ৰাহুল গান্ধীক আবণ্টিত বাংলো খালী কৰাৰ জাননী দিছে। জাননী অনুসৰি অহা ২২ এপ্ৰিলৰ ভিতৰত ৰাহুলে বাংলো খালী কৰিব লাগিব।

You might also like