নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰী চাকৰি বচাবলৈ গৈ নিজৰ পাঁচমহীয়া সন্তানক খালত পেলাই দি গ্ৰেপ্তাৰ ৰাজস্থানৰ দম্পতি

নিয়মীয়া বাৰ্তা,২৪ জানুৱাৰী:ৰাজস্থানৰ বিকানেৰত সোমবাৰে নিজৰ পাঁচমহীয়া সন্তানক খালত পেলাই দিয়াৰ অভিযোগত এহাল দম্পতিক গ্ৰেপ্তাৰ কৰা হয়।পানীত উটি যোৱাৰ ফলত শিশুটিৰ মৃত্যু হয়।সন্তানটিৰ পিতৃ অভিযুক্ত জনৱাৰলাল চন্দাসাৰ বিদ্যালয়ত ঠিকাভিত্তিক শিক্ষক হিচাপে নিয়োজিত হৈ থকাৰ কথা পুলিচে কয়।যোৱা বছৰৰ ডিচেম্বৰ মাহত জনৱাৰলালে দুটা সন্তান থকাৰ ভুল তথ্য দিছিল।দুটাতকৈ অধিক সন্তান থকাৰ বাবে তেঁও চাকৰি হেৰুৱাব পাৰে বুলি আশংকা কৰিছিল।অভিযুক্তই চাকৰিৰ স্থায়ীত্ব পাবৰ বাবেই নিজৰ সন্তানক খালত পেলাই দিছিল বুলি অভিযোগ কৰিছে।

 

You might also like