নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন দিল্লীত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ প্ৰদান

নিয়মীয়া বাৰ্তা,২৪ জানুৱাৰী: ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সোমবাৰে নতুন দিল্লীত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ প্ৰদান কৰে। ১১ টি শিশুক ২০২৩ বৰ্ষৰ এই পুৰস্কাৰ প্ৰদান কৰা হয়। ২৪ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ লাভ কৰা শিশুসকলৰ সৈতে মত বিনিময় কৰে।মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী স্মৃতি ইৰাণীয়েও এই শিশুসকলৰ সৈতে মত বিনিময় কৰে। মন্ত্ৰীগৰাকীয়ে এই শিশুসকলক তেওঁলোকৰ পাৰদৰ্শিতাৰ বাবে অভিনন্দন জনায়।ভাৰত চৰকাৰে শিশুসকলৰ ব্যতিক্ৰমী সাফল্যৰ বাবে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ প্ৰদান কৰে।৫ বছৰৰ পৰা ১৮বছৰ বয়সৰ শিশুসকলক এই বঁটা প্ৰদান কৰা হয়। প্ৰতিজন বঁটা প্ৰাপকক পদক,নগদ এক লাখ টকা আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰে।

You might also like