নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৮ মার্চত গ্রেপ্তাৰ হ’ব পাৰে টিকেইট

নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ ভাৰতীয় কিষাণ ইউনিয়ন (বিকেইউ)ৰ নেতা ৰাকেশ টিকেইট আগন্তু ৮ মার্চত গ্রেপ্তাৰ হ’ব পাৰে৷ ৮ মার্চত মধ্য প্রদেশত নতুন কৃষক আইন বাতিলৰ দাবীত আয়োজন কৰিবলগীয়া মধ্য প্রদেশৰ গণ সমাৱেশত অংশগ্রহণ কৰিব ৰাকেশ টিকেইটে৷ ২০১২ চনৰ এক সংঘর্ষৰ গোচৰত হত্যাৰ অপচেষ্টাৰ অভিযোগ অনা হৈছে টিকেইটৰ বিৰুদ্ধে৷ মধ্য প্রদেশৰ এখন আদালতে টিকেইটৰ বিৰুদ্ধে জাৰি কৰিছে গ্রেপ্তাৰী পৰোৱানা৷

ৰাজ্যখনৰ অনুপ্পুৰ জিলাৰ এটা সংঘর্ষৰ গোচৰত ৰাকেশ টিকেইট জড়িত থকাৰ অভিযোগ আনিছে আদালতখনে৷ স্মর্তব্য যে মধ্য প্রদেশৰ বিকেইউৰ সাধাৰণ সম্পাদক অনিল যাদৱে সংবাদ মাধ্যমক জনোৱা অনুসৰি আগন্তুক ৮ মার্চত ৰাজ্যখনৰ শ্বেওপুৰ, ৰেৱা আৰু ডেৱাছত টিকেইটে কৃষকৰ সমাৱেশত অংশগ্রহণ কৰিব৷

You might also like