নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি ভাৰত বন্ধ–চকা বন্ধ

নিয়মীয়া বাৰ্তা ২৬ ফেব্ৰুৱাৰীঃ  আজি ভাৰত বন্ধ৷ জি এছ টি, ইন্ধনৰ মূল্যবৃদ্ধি আৰু ই–ৱে’ বিলৰ বিৰুদ্ধে কাইলৈ ভাৰত বন্ধৰ আহ্বান জনাইছে সর্বভাৰতীয় ব্যৱসায়ী সন্থা ‘কনফেডাৰেচন অৱ অল ইণ্ডিয়া ট্রেডার্ছে (চি এ আই টি)৷ ব্যৱসায়ী সন্থাৰ ভাৰত বন্ধৰ প্রতি সমর্থন জনাই কাইলৈৰ দিনটোতে চকা বন্ধ তথা পথ অৱৰোধ কার্যসূচী ঘোষণা কৰিছে অল ইণ্ডিয়া ট্রেন্সপ’টার্ছ ৱেলফেয়াৰ এছ’চিয়েচনে (এ আই টি ডব্লিউ এ)৷ চি এ আই টিয়ে প্রকাশ কৰা মতে, কাইলৈ দেশৰ সকলো ব্যৱসায়িক প্রতিষ্ঠান–বজাৰ বন্ধ থাকিব৷ তদুপৰি দেশৰ ৮ কোটি ব্যৱসায়ীয়ে এই প্রতিবাদী কার্যসূচীত অংশগ্রহণ কৰিব৷ দেশজুৰি ১,৫০০তকৈ অধিক স্থানত ব্যৱসায়ীসকলে ধর্ণা কার্যসূচী ৰূপায়ণ কৰিব৷ জি এছ টি ব্যৱস্থাক পুনৰীক্ষণৰ দাবীৰে ব্যৱসায়ী সন্থাই বন্ধ–ধর্ণা কার্যসূচী ঘোষণা কৰিছে৷ চি এ আই টিৰ সচিবপ্রধান প্রবীণ খাণ্ডেৱালে প্রকাশ কৰা মতে, কেন্দ্রীয় চৰকাৰৰ জি এছ টি ব্যৱস্থা পুনৰীক্ষণৰ দাবী জনাই অহাৰ পাছতো বিষয়টোক লৈ চৰকাৰে গুৰুত্ব নিদিয়াত ভাৰত বন্ধ ঘোষণা কৰিছে৷ এখন সংবাদ মেলত সচিবপ্রধান খাণ্ডেৱালে কয় যে দেশজুৰি সকলো বাণিজ্যিক বজাৰ বন্ধ থাকিব৷ সকলো ৰাজ্যৰে পৃথক পৃথক চহৰত ধর্ণা কার্যসূচী ৰূপায়ণ কৰা হ’ব৷ এই বন্ধলৈ দেশৰ ৪০ হাজাৰতকৈ অধিক ব্যৱসায়ী সন্থাই সমর্থন আগবঢ়াইছে৷ আনপিনে ই–ৱে’ বিল প্রত্যাহাৰৰ দাবীত কাইলৈ চকা বন্ধ কার্যসূচী ঘোষণা কৰিছে এ আই টি ডব্লিউয়ে৷

You might also like