নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুশান্তৰ মৃত্যুৰ ১ বছৰৰ পিছত পুনৰ অভিনয়লৈ উভতি আহিছে ৰিয়া! অভিনয় কৰিব দ্ৰৌপদীৰ চৰিত্ৰত…

নিয়মীয়া বাৰ্তা, ১১ জুনঃ সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ এবছৰ পিছত ৰিয়া চক্ৰৱৰ্তী অভিনয় জগতলৈ পুনৰ উভতি আহিছে। সূত্ৰ অনুসৰি, দ্ৰৌপদীৰ চৰিত্ৰত অভিনয় কৰিব পাৰে  ৰিয়া চক্ৰৱৰ্তীয়ে। মহাভাৰতৰ কাহিনীৰ ওপৰত আধাৰিত এখন ডাঙৰ বাজেটৰ চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছে। ৰিয়াক সেই ছবিত দ্ৰৌপদীৰ চৰিত্ৰৰ বাবে প্ৰস্তাৱ দিয়া হৈছে। বিষয়টো এতিয়াও প্ৰাৰম্ভিক পৰ্যায়ত আছে। প্ৰতিবেদন অনুসৰি ৰিয়াই এতিয়াও প্ৰস্তাৱটোত সন্মত হোৱা নাই।

যদি এই প্ৰস্তাৱটোত সন্মত হয় তেন্তে অভিনেত্ৰীগৰাকীয়ে দক্ষিণৰ ছবিৰ জৰিয়তে পুনৰ অভিনয় জগতলৈ প্ৰত্যাৱৰ্তন কৰিব। অৱশ্যে এই নতুন ছবিখন হিন্দীত নিৰ্মাণ হৈছে নে, আন কোনো ভাষাত ইয়াৰ বিষয়ে জানিব পৰা হোৱা নাই। কিন্তু ৰিয়া ছবিখনত অভিনয় কৰিবলৈ যথেষ্ট আগ্ৰহী।

উল্লেখ্য যে ৰিয়া চক্ৰৱৰ্তীয়ে তেলেগু ছবিৰ জৰিয়তে ছবি জগতত আত্মপ্ৰকাশ কৰিছিল। তেওঁৰ প্ৰথম হিন্দী ছবি আছিল ২০১৩ চনত মুক্তিপ্ৰাপ্ত Mere Dad Ki Maruti।

You might also like