নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনুশীলন আৰম্ভ ভাৰতৰ

নিয়মীয়া বাৰ্তা ১১ জুনঃ আই চি চি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পূর্বে আজি প্রথমবাৰৰ বাবে অনুশীলনত নামে বিৰাট কোহলি নেতৃত্বাধীন টীম ইণ্ডিয়া৷ ক’ভিড নীতি অনুসৰি খেলুৱৈসকলক পৃথক পৃথক গ্রুপত বিভক্ত কৰি অনুশীলনৰ অনুমতি দিয়া হয়৷ বি চি চি আয়ে অফিচিয়েল টুইটাৰ একাউণ্টত টীম ইণ্ডিয়াৰ প্রস্তুতিৰ ভিডি’ শ্বেয়াৰ কৰিছে৷ অধিনায়ক কোহলিৰ সৈতে ৰোহিত শর্মা, শ্বেটেশ্বৰ পূজাৰা, ঋষভ পণ্টক এটা গ্রুপত দেখিবলৈ পোৱাৰ বিপৰীতে ঈশান্ত শর্মা, মহম্মদ ছামি, যশপ্রীত বুমৰাহ, মহম্মদ চিৰাজ আৰু ৰবিচন্দ্রন অশ্বিনক আনটো গ্রুপত দেখিবলৈ পোৱা যায়৷ ফিল্ডিং প্রশিক্ষক আৰ শ্রীধৰৰ তত্ত্বাৱধানত খেলুৱৈসকলে কেচ আয়ত্ত কৰাৰ অনুশীলন চলায়৷

You might also like