নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা বিশ্বৰ ১১খন দেশত ইউৰো ২০২০ ফুটবল প্রতিযোগিতা

নিয়মীয়া বাৰ্তা  ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ পিছতে গুৰুত্বপূর্ণ প্রতিযোগিতা হিচাপে বিবেচিত ইউৰো ২০২০ ফুটবল প্রতিযোগিতাখন কাইলৈৰ পৰা আৰম্ভ হ’ব৷ ১৯৬০ চনৰ পৰা আৰম্ভ হোৱা প্রতিযোগিতাখন প্রতি চাৰি বছৰৰ মূৰে মূৰে অনুষ্ঠিত হৈছিল যদিও ২০২০ চনত ক’ৰোনাৰ ভয়াৱহতাৰ বাবে প্রতিযোগিতাখন স্থগিত ৰখা হৈছিল আৰু ইয়াৰ পিছতে উৱেফাৰ কার্যবাহী সমিতিয়ে প্রতিযোগিতাখন ২০২১ চনৰ ১১ জুনৰ পৰা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছিল৷ মন কৰিবলগীয়া যে প্রতিযোগিতাখন এতিয়ালৈকে দুখন দেশে আয়োজন কৰি আহিছিল যদিও এইবাৰ প্রথমবাৰৰ বাবে ১১খন দেশে লগ লাগি প্রতিযোগিতাখন আয়োজন কৰিছে৷ ২৪টা দলে অংশগ্রহণ কৰিবলগীয়া প্রতিযোগিতাখনৰ ফাইনেল মেচখন ১১ জুলাইত অনুষ্ঠিত হ’ব৷

কাইলৈ নিশা ১২.৩০ বজাত আৰম্ভ হ’বলগীয়া প্রতিযোগিতাখনৰ উদ্বোধনী মেচখনত ইটালীয়ে তুৰস্কৰ বিপক্ষে মুখামুখি হ’ব৷ ১৯৬৮ চনত প্রথমবাৰৰ বাবে প্রতিযোগিতাখনৰ খিতাপ জয় কৰা ইটালীয়ে কাইলৈ বিজয় সাব্যস্ত কৰি প্রতিযোগিতাখনত প্রত্যয়জনক আৰম্ভণি কৰাৰ লক্ষ্য লৈছে৷ এতিয়ালৈকে দলটোৱে ৯বাৰ প্রতিযোগিতাখনত ভাগ লৈছে যদিও এবাৰেই চেম্পিয়নৰ সোৱাদ লাভ কৰিবলৈ সক্ষম হৈছে৷ ১৯৬৮ চনত প্রতিযোগিতাখনত অংশগ্রহণ কৰিয়েই চেম্পিয়নৰ সোৱাদ লোৱা ইটালীয়ে এতিয়ালৈকে প্রতিযোগিতাখনত উন্নত প্রদর্শন দাঙি ধৰিব পৰা নাই৷ পূর্বৰ সকলো ব্যর্থতা আঁতৰাই এইবাৰ এক নতুন উদ্যমেৰে খেলপথাৰত নমাৰ লক্ষ্য লৈছে প্রাক্তন চেম্পিয়ন দলটোৱে৷

ইপিনে, তুৰস্কয়ো এতিয়ালৈকে পাঁচবাৰ প্রতিযোগিতাখনত অংশগ্রহণ কৰিছে আৰু ২০০৮ চনৰ প্রতিযোগিতাখনৰ ছেমিফাইনেলত প্রৱেশ কৰিবলৈ সক্ষম হৈছিল৷ উল্লেখ্য যে জার্মানী আৰু স্পেইনে এতিয়ালৈকে প্রতিযোগিতাখনত সর্বাধিক খিতাপ জয় কৰিছে৷ দুয়োটা দলে তিনিবাৰকৈ চেম্পিয়ন হোৱাৰ বিপৰীতে ফ্রান্সে দুবাৰ, ছোভিয়েট ইউনিয়ন, ইটালী, চেকোশ্ল’ভাকিয়া, নেদাৰলেণ্ডছ, ডেনমার্ক, গ্রীচ আৰু পর্তুগালে এবাৰকৈ খিতাপ জয় কৰিছে৷ উল্লেখ্য যে ২০১৬ চনত অনুষ্ঠিত প্রতিযোগিতাখনত পর্তুগালে শেষ হাঁহি মাৰিবলৈ সক্ষম হৈছিল৷

You might also like