নিয়মীয়া বাৰ্তা, ১৫ মার্চ: সামান্য চিঙৰা বিক্রী কৰিও কোটিপতি হ’ব পাৰে আগ্রহী লোক৷ কর্ণাটকৰ ৰাজধানী বাংগালুৰুত এক দম্পতীয়ে চিঙৰা বিক্রী কৰি দৈনিক উপার্জন কৰে ১২ লাখ টকা৷ দেশৰ ছফট্ৱেৰ ৰাজধানীৰ বাসিন্দা এই দম্পতীৰ বছৰি উপার্জন ৪৫ কোটি টকা৷ নিধি সিং আৰু তেওঁৰ স্বামী শিখৰ বীৰ সিঙে ২০১৬ চনত বাংগালুৰুত আৰম্ভ কৰিছিল চিঙৰাৰ দোকান৷ এই চিঙৰাৰ দোকানৰ নাম ‘চামোছা সিং’৷ ২০১৬ত আৰম্ভ কৰা এই ব্যৱসায়ে এতিয়া সমৃদ্ধিৰ শিখৰ স্পর্শ কৰিছে৷ বিভিন্ন সংবাদ মাধ্যমত প্রকাশ পোৱা প্রতিবেদন অনুসৰি নিধি আৰু শিখৰৰ প্রথম সাক্ষাৎ হাৰিয়ানাত৷ দুয়ো কুৰুক্ষেত্র বিশ্ববিদ্যালয়ৰ পৰা বায়’টেকন’লজীত বি টেক ডিগ্রী লয়৷ লোভনীয় চাকৰি এৰি দুয়ো আৰম্ভ কৰিছিল এই চিঙৰাৰ দোকান৷ এতিয়া এই চিঙৰাৰ জৰিয়তে সাফল্যৰ শিখৰ স্পর্শ কৰিছে নিধি আৰু শিখৰে৷