নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা নতুন দিল্লীত মহিলা বিশ্ব বক্সিং

নিয়মীয়া বাৰ্তা, ১৫ মার্চ: নতুন দিল্লীৰ ইন্দিৰা গান্ধী ক্রীডা কমপ্লেক্সত আজিৰে পৰা আৰম্ভ হ’ব মহিন্দ্রা আই বি এ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপ৷ উল্লেখ্য যে ভাৰতীয় বক্সিং ফেডাৰেচনে দেশত তৃতীয়বাৰৰ বাবে আয়োজন কৰিছে এই প্রতিযোগিতা৷ কিন্তু পূর্বৰ সকলো অভিলেখ ভংগ কৰি এইবাৰ প্রতিযোগিতাত ৭৮খন দেশৰ প্রায় ৩৯৫গৰাকী তাৰকা বক্সাৰে অংশগ্রহণ নিশ্চিত কৰিছে৷ ভাৰতৰ লাভলীনা বৰগোহাঁইসহ সাতগৰাকী অলিম্পিক পদক বিজয়ী বক্সাৰে আসন্ন ২০২৪ৰ পেৰিছ অলিম্পিকৰ প্রথম প্রস্তুতি হিচাপে এই প্রতিযোগিতাখনত খেলিব৷ আজি সন্ধিয়া ৫.৩০ বজাত ইন্দিৰা গান্ধী ক্রীডা কমপ্লেক্সৰ কে ডি যাদৱ হলত প্রতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ’ব৷

উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব কেন্দ্রীয় ক্রীডামন্ত্রী অনুৰাগ সিং ঠাকুৰ, আন্তর্জাতিক বক্সিং সন্থা চমুকৈ আই বি এৰ সভাপতি উমৰ ক্রেমলেভ, ভাৰতীয় বক্সিং ফেডাৰেচনৰ সভাপতি অজয় সিং, প্রতিযোগিতাৰ ব্রেণ্ড এম্বেছাডৰ ছবাৰৰ বিশ্ব চেম্পিয়ন এম চি মেৰীকম আৰু বলীডডৰ জনপ্রিয় অভিনেতা–পৰিচালক ফাৰহান আখতাৰ৷ ইফালে, ‘বিগ বছ’ৰ বিদেশী প্রতিযোগী আবু ৰ’জিক তথা হডটিউবৰ জনপ্রিয় তাৰকা ভিয়োলা আণ্ট’নোভাও উদ্বোধনী অনুষ্ঠানত অতিথিৰূপে উপস্থিত থাকিব৷

উল্লেখ্য যে ভাৰত এতিয়া বিশ্ব বক্সিঙৰ ৰেংকিঙত তৃতীয় স্থানত আছে৷ আনহাতে, ১৬ মার্চৰ পৰা আৰম্ভ হ’ব খেল৷ অহা ২৬ মার্চলৈ চলিব লগা এহবাৰ প্রতিযোগিতাৰ মুঠ প্রাহজমানী ২০ কোটি টকা৷

You might also like