নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছ’নী টিভিৰ ৰিয়েলিটী শ্ব’: মাষ্টাৰ ছেফ ইণ্ডিয়া–৭ৰ বিজয়ী অসমৰ নয়নজ্যোতি শইকীয়া

  • ছ’চিয়েল মিডিয়াত ফাদিল বিজয়ী নয়নজ্যোতি শইকীয়াৰ আলোকচিত্রক লৈ আলোড়ন
  • ২৬ বছৰীয়া নয়নজ্যোতি শইকীয়াই চাহ বাগিচাত কাম কৰি স্ব–প্রশিক্ষিত ৰান্ধনী হিচাপে অভিজ্ঞতাৰে পুষ্ট
  • জনপ্রিয় ছেফ বিকাশ খান্না, ৰণবীৰ ব্রাৰ আৰু গৰিমা অৰোৰাই বিচাৰক হিচাপে অংশ লৈছিল

 

নিয়মীয়া বাৰ্তা, ১৫ মার্চ: ছ’নী টিভিৰ ৰিয়েলিটী শ্ব’ মাষ্টাৰ ছেফ ইণ্ডিয়া–৭ৰ বিজয়ী অসমৰ নয়নজ্যোতি শইকীয়া৷ ৰিয়েলিটী শ্ব’ মাষ্টাৰ ছেফ ইণ্ডিয়াৰ চূড়ান্ত ফলাফল অহা ৩১ মার্চত সম্প্রচাৰ কৰাৰ পূর্বেই বিজয়ীৰ ট্রফী লৈ অসমৰ নয়নজ্যোতি শইকীয়াৰ আলোকচিত্রই সম্প্রতি দেশৰ সংবাদ মাধ্যমত ব্যাপক চর্চাৰ লগতে ছ’চিয়েল মিডিয়াতো আলোড়নৰ সৃষ্টি হৈছে৷ ছ’নী টিভিৰ মাষ্টাৰ ছেফ ইণ্ডিয়াৰ বিজয়ী ট্রফী লৈ নয়নজ্যোতি শইকীয়াৰ আলোকচিত্র প্রচাৰ হোৱাৰ লগে লগে টুইটাৰত শইকীয়াক অভিনন্দনেৰে ওপচাই দিছে৷ উল্লেখ্য যে যোৱা ৭ জানুৱাৰীত আৰম্ভ হোৱা মাষ্টাৰ ছেফ ইণ্ডিয়া–৭ৰ এগৰাকী প্রতিযোগী হিচাপে অংশ লৈ অসমৰ নয়নজ্যোতি শইকীয়াই সাফল্যৰ শিখৰলৈ গৈ থকাৰ সময়তে চূড়ান্ত ফলাফল ঘোষণাৰ পূর্বেই বিজয়ীৰ ট্রফী লৈ শইকীয়াৰ আলোকচিত্র প্রচাৰ হোৱাটো চর্চাৰ বিষয় হৈ উঠিছে৷ জনপ্রিয় ছেফ বিকাশ খান্না, ৰণবীৰ ব্রাৰ আৰু গৰিমা অৰোৰাই বিচাৰক হিচাপে চলাই নিয়া প্রতিযোগিতাখনৰ অন্তিম সপ্তাহৰ সম্প্রচাৰ অর্থাৎ চূড়ান্ত ফলাফলৰ সম্প্রচাৰ নৌহওঁতেই বিজয়ীৰ খিতাপৰ আলোকচিত্র প্রচাৰ হোৱাটো তাৎপর্যপূর্ণ৷ অসমৰ শিৱসাগৰৰ নয়নজ্যোতি শইকীয়াই ছ’নী টিভিৰ মাষ্টাৰ ছেফ ইণ্ডিয়া–৭ত প্রতিযোগী হিচাপে অংশগ্রহণৰো এক নাটকীয় কাহিনী আছে৷ চাহ বাগিচাত কর্মৰত নয়নজ্যোতি শইকীয়াই স্বপ্রশিক্ষিত ৰান্ধনী হিচাপে অসমীয়া খাদ্য সম্ভাৰ ইনষ্টাগ্রামত প্রচাৰ কৰাৰ পাছতেই ২৬ বছৰীয়া নয়নজ্যোতি শইকীয়াৰ ৰন্ধন কর্ম চাবলৈ আহে জনপ্রিয় ছেফ বিকাশ খান্না৷ জনপ্রিয় ছেফ বিকাশ খান্নাই কেইবাহাজাৰ কিলোমিটাৰ অতিক্রম কৰি অসমীয়া ঘৰুৱা খাদ্য আৰু নয়নজ্যোতিক বিচাৰি উলিয়াই উক্ত ৰিয়েলিটী শ্ব’ত অংশগ্রহণৰ বাবে শইকীয়াক উৎসাহ যোগায় আৰু এগৰাকী প্রতিযোগী হিচাপে শইকীয়াক অংশগ্রহণৰ সুযোগ দিয়ে৷ ইয়াৰ পাছতেই অসমীয়া খাদ্য সম্ভাৰেৰে নয়নজ্যোতি শইকীয়াই ৰিয়েলিটী শ্ব’টোৰ কেইবাটাও খণ্ডত সফল হৈ চূড়ান্ত প্রতিযোগিতাত স্থান লাভ কৰে৷ চূড়ান্ত প্রতিযোগিতাৰ ফলাফল সম্প্রচাৰ নৌহওঁতেই নয়নজ্যোতি শইকীয়াৰ বিজয়ীৰ খিতাপ লৈ আলোকচিত্র প্রচাৰ হোৱাটো নিশ্চয়কৈ বিবেচনাধীন৷

You might also like