নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰত–ব্রাজিল–আর্জেণ্টিনাৰে ছৌদিৰ বিমান সেৱা বাতিল

নিয়মীয়া বাৰ্তা ২৪ ছেপ্টেম্বৰঃ  ক’ভিড–১৯ মহামাৰীৰ বাবে ছৌদি আৰবে ভাৰত–ব্রাজিল আৰু আর্জেণ্টিনাৰ সৈতে বিমান ভ্রমণ বাতিল কৰিছে৷ এই তিনিওখন দেশত ক’ভিড–১৯ৰ সংক্রমণ দ্রুতগতিত বৃদ্ধি পোৱাৰ বাবেই এই ব্যৱস্থা গ্রহণ কৰিছে ছৌদি আৰব অসামৰিক উৰণ প্রাধিকৰণে৷ অর্থাৎ তিনিওখন দেশলৈ ছৌদি আৰবৰ পৰা বিমানেৰে কোনো লোক যাব নোৱাৰিব বা দেশ তিনিওখনৰ পৰা ছৌদি আৰবলৈ কোনো যাত্রীয়ে বিমানেৰে যাত্রা কৰাৰ সুযোগ লাভ নকৰিব৷ স্মর্তব্য যে এইক্ষেত্রত পূর্বে তিনিওখন দেশৰ পৰা যাত্রীসকলে ছৌদি আৰব ভ্রমণ কৰিলে ১৪ দিনৰ ভ্রমণ বুৰঞ্জী দাখিল কৰাটো বাধ্যতামূলক আছিল৷ কিন্তু সেই ব্যৱস্থাও এতিয়া বন্ধ কৰিছে ছৌদি প্রশাসনে৷

You might also like