নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জম্মু-কাশ্মীৰত চাঞ্চল্যকৰ ঘটনা, প্ৰাক্তন মুখ্যমন্ত্ৰীলৈ গুলীচালনা

ডিজিটেল ডেস্ক, ১২ মাৰ্চ : জম্মু-কাশ্মীৰত এক চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা সংঘটিত হয়। জম্মু-কাশ্মীৰৰ প্রাক্তন মুখ্যমন্ত্রী ফাৰুক আব্দুল্লালৈ লক্ষ্য কৰি দুৰ্বৃত্তই গুলীচালনা কৰা বুলি বাতৰিত প্ৰকাশ পাইছে। জম্মুৰ বৃহত্তৰ কৈলাশ অঞ্চলৰ হোটেল ৰয়েল পাৰ্কত অনুষ্ঠিত বিবাহ অনুষ্ঠানত এই গুলীচালনাৰ ঘটনা সংঘটিত হয়।

বাতৰি অনুসৰি, বুধবাৰে সন্ধিয়া জম্মুৰ গ্ৰেটাৰ কৈলাসৰ ৰয়েল পাৰ্ক অঞ্চলত এক বিয়াৰ অনুষ্ঠানত অংশ ল’বলৈ গৈছিল নেচনেল কনফাৰেন্সৰ বৰ্ষীয়ান নেতা তথা জম্মু–কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লা। তেওঁৰ সৈতে আছিল উপ-মুখ্যমন্ত্ৰী সুৰিন্দৰ চৌধুৰী আৰু মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ পৰামৰ্শদাতা নাছিৰ আসলাম ৱানি। নিশা প্ৰায় ১০.৩০ বজাত বিয়াঘৰত সোমাই এজন যুৱকে গুলী চলোৱা বুলি অভিযোগ উঠিছে।

বুধবাৰে নিশা জম্মুৰ গ্ৰেটাৰ কৈলাস অঞ্চলৰ বিয়াৰ অনুষ্ঠানত প্রাক্তন মুখ্যমন্ত্রী ফাৰুক আব্দুল্লালৈ লক্ষ্য কৰি দুৰ্বৃত্তই গুলী চলায়। অৱশ্যে নেচনেল কনফাৰেঞ্চৰ বৰ্ষীয়ান নেতা তথা প্রাক্তন মুখ্যমন্ত্রী ফাৰুক আব্দুল্লা কথমপি ৰক্ষা পৰে যদিও সুৰিন্দৰ চৌধুৰী সামান্য আঘাতপ্ৰাপ্ত হয়। তেওঁক তৎক্ষণাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ঘটনাৰ পিছতে আততায়ীক ঘটনাস্থলীৰ পৰাই আটক কৰি গুলীচালনা কৰিবলৈ ব্যৱহাৰ কৰা মাৰণাস্ত্ৰ জব্দ কৰা হৈছে। অভিযুক্ত আততায়ীক আটক কৰি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে । অভিযুক্ত জম্মুৰ পুৰাণী মাণ্ডী অঞ্চলৰ বাসিন্দা কমল সিং জম্মোৱাল বুলি জানিব পৰা গৈছে । কিয় ৰাজনৈতিক নেতাৰ ওপৰত এই আক্ৰমণ চলোৱা হ’ল, ইয়াৰ পিছত কোন আছে— এই সমগ্ৰ বিষয় সন্দৰ্ভত তদন্ত চলাই আছে আৰক্ষীয়ে।

You might also like