নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাহমৰাত ক্ষুদ্ৰ চাহ খেতিয়কৰে কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাৰ মত বিনিময়

সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ অন্তৰ্গত মাহমৰা আঞ্চলিক সমিতিৰ দিৰৈ ৰাঙলীস্থিত কাৰ্যালয়ত বুধবাৰে কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাৰ সৈতে এক মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়। সন্থাৰ মাহমৰা আঞ্চলিক সমিতিৰ সভাপতি মুকুট দুৱৰীৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সন্থাৰ তৰফৰ পৰা উষ্ম আদৰণি জনোৱা হয়।
বৃহত্তৰ দিৰৈ ৰাঙলী, মাহমৰা, হিমপৰা, দেওঘৰীয়া, দিচাও বটুৱা আদি অঞ্চলৰ শতাধিক ক্ষুদ্ৰ চাহ খেতিয়ক উপস্থিত থকা অনুষ্ঠানত অঞ্চলটোৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে দীৰ্ঘদিনৰ পৰা সন্মুখীন হৈ অহা বিভিন্ন সমস্যা বিশেষকৈ মাটিৰ পট্টাৰ সমস্যা সমাধানৰ বাবে মন্ত্ৰীগৰাকীক আহ্বান জনায়। উপস্থিত ক্ষুদ্ৰ চাহ খেতিয়কসকলে অনুসূচিত জাতি আৰু জনজাতিসকলক প্ৰদান কৰা ভূমিৰ অনুমোদন পত্ৰৰ দৰে ক্ষুদ্ৰ চাহ খেতিয়কসকলকো ভূমিৰ অনুমোদন পত্ৰ প্ৰদান কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আহ্বান জনায় । অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সমস্যাসমূহৰ পৰ্যায়ক্ৰমে সমাধান কৰাৰ লগতে মাটিৰ সমস্যাটো আলোচনাৰ মাধ্যমেৰে সমাধান কৰা হব বুলি আশ্বাস প্ৰদান কৰে। অনুষ্ঠানত ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি মহেন্দ্ৰ ফুকন, জেষ্ঠ্য ক্ষুদ্ৰ চাহ খেতিয়ক মহেশ চেতিয়া, সমাজকৰ্মী সূৰুয দিহিঙীয়া, নৱ বৰুৱাৰ উপৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
বিশেষ বাৰ্তা, সোণাৰি, ১২ মাৰ্চ :
You might also like