অভাৱনীয় উত্থান দেশৰ শ্বেয়াৰ বজাৰত
নিয়মীয়া বাৰ্তা ৫ জানুৱাৰীঃ দেশীয় ক’ভিড–১৯ ভেকচিন দেশব্যাপী গণ টিকাকৰণৰ বাবে ডি চি জি আয়ে অনুমতি প্রদান কৰাৰ পাছতেই শ্বেয়াৰ বজাৰত অভাৱনীয় উত্থান৷ ২০২১ বর্ষৰ প্রাৰম্ভৰে পৰা দেশৰ শ্বেয়াৰ বজাৰত উত্থান আৰম্ভ হৈছে আৰু কালি দেশীয় ক’ভিড–১৯ৰ প্রতিষেধক টিকাকৰণৰ বাবে অনুমতি দিয়াৰ পাছতে আজি অভাৱনীয় উত্থান শ্বেয়াৰ বজাৰত৷ প্রথমবাৰৰ বাবে শ্বেয়াৰ বজাৰৰ ইতিহাসত ছেনছেক্সে ৪৮ হাজাৰ অতিক্রম কৰি সর্বকালৰ শিখৰত উপনীত হয়৷ আনপিনে নিফটীয়েও সর্বকালৰ শিখৰত ১৪,১১৬ত বজাৰ সামৰণি পৰে৷ আজি পুৱা শ্বেয়াৰ বজাৰ মুকলি হোৱাৰ পাছতে বি এছ ই ছেনছেক্সৰ উত্থান আৰম্ভ হয় আৰু বজাৰ সামৰণি পৰালৈকে ২৫০ পইণ্টেৰে সর্বকালৰ শিখৰত ৪৮,১২৯ হয়৷ আনপিনে নিফ্টী ৮০ পইণ্ট ঊর্ধ্বগামী হৈ বজাৰ সামৰণি পৰে ১৪,১১৬ত৷ শ্বেয়াৰ বজাৰত আজি লাভৱান হোৱা কোম্পানীসমূহৰ ভিতৰত টি চি এছ, অ’ এন জি চি, এইচ চি এল টেক’, ইনফ’ছিছ, এল এন টি আদি৷ তেনেদৰে বেংকৰ ভিতৰত এছ বি আই, আই চি আই চি আই বেংক, এক্সিছ বেংক অধিক লাভান্বিত হয়৷ আনপিনে প্রতি মার্কিন ডলাৰৰ বিপৰীতে আজি ভাৰতীয় টকাৰ মূল্য ২১ পইচা বৃদ্ধি হৈ ভাৰতীয় মুদ্রাৰ মূল্য ৭২.৯০ হয়৷
দেশত ইউ পি আই লেনদেন ১০৩ শতাংশ বৃদ্ধি
ক’ভিড–১৯এ মানৱ জাতিৰ জীৱন ধাৰণৰ অনেক পৰিৱর্তন আনিলে৷ এনে এক পৰিৱর্তনৰ অংশ হিচাপে দেশত বৃদ্ধি পাইছে ইউ পি আই লেনদেন৷ বিগত বর্ষত অর্থাৎ ২০১৯ চনত ভাৰতবাসীয়ে ইউ পি আই লেনদেন কৰিছিল ২ লাখ ২ হাজাৰ কোটি৷ ইয়াৰ বিপৰীতে ক’ভিডসৃষ্ট জটিল বর্ষ ২০২০ত দেশবাসীয়ে ইউ পি আই লেনদেন কৰিছে ৪ লাখ ১৬ হাজাৰ কোটি৷ অর্থাৎ নগদ ধনৰ লেনদেনৰ বিপৰীতে ডিজিটেল বৃদ্ধি পায়৷ বিগত বর্ষৰ তুলনাত ইউ পি আই লেনদেন ১০৩ শতাংশ বৃদ্ধি পাইছে৷ নেচনেল পেমেণ্টছ কর্প’ৰেচন অৱ ইণ্ডিয়াই (এন পি চি আই) প্রকাশ কৰা তথ্য মতে, ২০১৯ৰ তুলনাত ২০২০ত ইউ পি আই লেনদেন ১০৩ শতাংশ বৃদ্ধি পাইছে৷ উল্লেখ্য যে ২০১৬ চনত ইউ পি আই (ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচ) ম’বাইল গ্রাহকৰ মাজত লেনদেনৰ বাবে মুকলি কৰা হৈছিল৷ পিছলৈ এই লেনদেন দেশৰ জনতাই আঁকোৱালি লয়৷