নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশত নতুন ক’ৰোনাত সংক্রমিত ৩৮জন

নিয়মীয়া বাৰ্তা ৫ জানুৱাৰীঃ ব্রিটেইনত ধৰা পৰা ক’ভিড–১৯ৰ নতুন প্রকৰণৰ ভাইৰাছত ভাৰতত সংক্রমিত লোকৰ সংখ্যা ৩৮গৰাকীলৈ বৃদ্ধি পাইছে৷ স্বাস্থ্য মন্ত্রালয়ৰ সূত্রই সদৰী কৰিছে এই তথ্য৷ কেন্দ্রীয় স্বাস্থ্য তথা পৰিয়াল কল্যাণ মন্ত্রালয়ে সদৰী কৰা অনুসৰি বাংগালুৰুত ১০গৰাকী, হায়দৰাবাদত ৩গৰাকী, পুনেত ৫গৰাকী, দিল্লীৰ আই জি আই বি আৰু এন চি ডি চিত ১৯গৰাকী আৰু কলকাতাত এগৰাকী লোকক এই নতুন ক’ৰোনাত আক্রান্ত হোৱা বুলি নিশ্চিত কৰা হৈছে৷

উল্লেখনীয় যে ব্রিটেইনত সংক্রমণৰ সংহাৰ সৃষ্টি কৰা এই মিউটেণ্ট বা পৰিৱর্তিত ক’ৰোনাক অতি সংক্রামক হিচাপে চিহ্ণিত কৰা হৈছে৷ মূল ক’ৰোনা ভাইৰাছতকৈ এই পৰিৱর্তিত ক’ৰোনাৰ প্রকৰণে ৭০ গুণ অধিক ক্ষিপ্রতাৰে সংক্রমণ ঘটাব পাৰে বুলি নিশ্চিত কৰিছে চিকিৎসা বিজ্ঞানীসকলে৷

You might also like