নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশত শীঘ্রে উপলব্ধ হ’ব ছটা ক’ভিড ভেকচিন

এদিনতে অভিলেখসংখ্যক ২০ লক্ষাধিকক ভেকচিন: কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়

নিয়মীয়া বাৰ্তা, ১৪ মাৰ্চঃ দেশজুৰি ক’ভিড–১৯ টিকাকৰণ অভিযান চলি থকাৰ সময়তে পুনৰ মহাৰাষ্ট্রকে ধৰি কেইবাখনো ৰাজ্যত মহামাৰী ভাইৰাছটোৰ সংক্রমণ বৃদ্ধি পাইছে৷ চলিত বর্ষত এদিনত সর্বাধিক ২৪ সহস্রাধিক লোক যোৱা ২৪ ঘণ্টাত আক্রান্ত হৈছে৷ ইয়াৰ ভিতৰত অকল মহাৰাষ্ট্রতেই ১৫ সহস্রাধিক লোক ক’ভিড–১৯ত আক্রান্ত হৈছে৷

ইতিমধ্যে মহাৰাষ্ট্রৰ ১০খন জিলাৰ ক’ভিড–১৯ সংক্রমণ বৃদ্ধি পোৱা চহৰত লকডাউন, নৈশ সান্ধ্য আইন জাৰি কৰা হৈছে৷ এই সংক্রমণ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ দেশৰ প্রান্তে প্রান্তে ক’ভিড–১৯ টিকাকৰণ চলি আছে৷ কালিৰ দিনটোত এদিনতে অভিলেখসংখ্যক ২০ লক্ষাধিক লোকক টিকাকৰণ কৰা হৈছে৷ এতিয়ালৈকে প্রথম আৰু দ্বিতীয় পর্যায়ত ভেকচিন প্রদান কৰা হৈছে ১.৮৪ কোটি হিতাধিকাৰীক৷ কেন্দ্রীয় স্বাস্থ্যমন্ত্রী হর্ষবর্ধনে এই তথ্য প্রকাশ কৰাৰ লগতে শীঘ্রেই ভাৰতত আৰু ৬টাতকৈ অধিক ভেকচিন উপলব্ধ হ’ব বুলি ঘোষণা কৰিছে৷

মন্ত্রীগৰাকীয়ে প্রকাশ কৰা মতে, দেশজুৰি এতিয়ালৈকে ২৩ কোটিতকৈ অধিক লোকৰ ক’ভিড–১৯ৰ পৰীক্ষণ কৰা হৈছে৷ মহামাৰী ক’ভিড–১৯ক প্রতিৰোধ কৰাৰ ক্ষেত্রত ভাৰতে দুটাকৈ ভেকচিন বিকশিত কৰিছে৷ এই ভেকচিন দুটা দেশৰ নাগৰিকক প্রদান কৰি থকাৰ লগতে বিশ্বৰ ৭১ দেশলৈ এই ভেকচিন প্রদান কৰা হৈছে৷ কেন্দ্রীয় স্বাস্থ্যমন্ত্রীগৰাকীয়ে ছটাকৈ অধিক ভেকচিন শীঘ্রেই দেশত উপলব্ধ হ’ব বুলি ঘোষণা কৰিলেও কি কি ভেকচিন উপলব্ধ হ’ব, সেই সন্দর্ভত বিতং তথ্য প্রকাশ কৰা নাই৷

You might also like