নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রধানমন্ত্রী নৰেন্দ্র মোদীলৈ পত্র ছোনিয়া গান্ধীৰ

নিয়মীয়া বাৰ্তা, ২৩ এপ্রিলঃ কেন্দ্রীয় চৰকাৰৰ নতুন ভেকচিন নীতিক লৈ অসন্তুষ্টি প্রকাশেৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীলৈ পত্র প্রেৰণ কৰিছে কংগ্রেছৰ অন্তর্ৱর্তীকালীন সভানেত্রী ছোনিয়া গান্ধীয়ে৷

পত্রখনত ছোনিয়া গান্ধীয়ে উল্লেখ কৰা মতে কেন্দ্রীয় চৰকাৰৰ নতুন ভেকচিন নীতি স্বেচ্ছাচাৰী আৰু বৈষম্যমূলক৷ এই অভিযোগ উত্থাপন কৰি কংগ্রেছৰ অন্তর্ৱর্তীকালীন সভানেত্রীগৰাকীয়ে শীঘ্রেই এই নীতিত হস্তক্ষেপ কৰি সংশোধনৰ বাবে আহ্বান জনাইছে৷

উল্লেখ্য যে নতুন ভেকচিন নীতি অনুসৰি কেন্দ্রীয় চৰকাৰে ১৮ বছৰ আৰু ৪৫ বছৰৰ মাজৰ সকলো লোককে ভেকচিন প্রদান কৰা হ’ব৷ এই নীতি সন্দর্ভত অসন্তুষ্টি প্রকাশেৰে ছোনিয়া গান্ধীয়ে পত্রখনত উল্লেখ কৰে যে বিগত বর্ষৰ শিক্ষণৰ সত্ত্বেও কিয় এই পদক্ষেপ গ্রহণ কৰিলে, যাৰ জৰিয়তে দেশৰ নাগৰিকৰ মনত পীড়া হয়৷ চৰকাৰখনে ধাৰাবাহিকভাৱে স্বেচ্ছাচাৰী আৰু বৈষম্যমূলক নীতি গ্রহণ কৰি আহিছে, যিয়ে বর্তমানৰ প্রত্যাহ্বানক আৰু অধিক জটিল কৰি তোলে৷

You might also like