নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছয় দুর্ধর্ষ জেএমবি সদস্যক কাৰাদণ্ডঃ সন্ত্রাসবাদীৰ বিৰুদ্ধে নিয়াৰ বিশেষ আদালতৰ ৰায়

নিয়মীয়া বাৰ্তা, ২৮ জুলাইঃ জামাতুল মুজাহিদীন বাংলাদেশ (জেএমবি)ৰ ৬ দুর্ধর্ষ সদস্যক বেআইনী কার্যকলাপ প্রতিৰোধ আইনৰ বিভিন্ন ধাৰাৰ অধীনত দোষী সাব্যস্ত কৰিছে নেচনেল ইনভেষ্টিগেচন এজেন্সী (নিয়া)ৰ বিশেষ আদালতে৷

দীর্ঘদিনীয়া বিচাৰ প্রক্রিয়াৰ অন্তত বিভিন্ন সন্ত্রাসবাদমূলক কাম–কাজত জড়িত থকাৰ অপৰাধত জেএমবি সদস্য ক্রমে হাফিজুৰ ৰহমান, য়াকুব আলী, ছৰিফুল ইছলাম, মুস্তাফিজুৰ ৰহমান, হাফিজ ছফিকুল ইছলাম আৰু আজাৰুদ্দিন আহমেদক দোষী সাব্যস্ত কৰিছে আদালতে৷ ইয়াৰে হাফিজুৰ ৰহমানক বেআইনী কার্যকলাপ প্রতিৰোধ আইনৰ দুটা ধাৰাৰ অধীনত দোষী সাব্যস্ত কৰি আদালতে তেওঁক দুবছৰ পাঁচ মাহৰ কাৰাদণ্ডৰ লগতে এহেজাৰ টকা জৰিমনা বিহে৷ আন দোষীসকলক আদালতে দুবছৰকৈ কাৰাদণ্ড প্রদান কৰিছে৷

উল্লেখ্য যে জেএমবিৰ দুর্ধর্ষ সদস্যকেইজনে ৰাজ্যৰ বৰপেটাৰ জিলাৰ লগতে পশ্চিমবংগৰ বিভিন্ন অঞ্চলত জেএমবিৰ প্রশিক্ষণ গ্রহণ কৰিছে৷ অস্ত্রচালনাৰ লগতে বিভিন্ন প্রশিক্ষণ গ্রহণ কৰা এই সদস্যকেইজনে পৰৱর্তী সময়ত দেশৰ বিভিন্ন প্রান্তত উগ্রবাদী কার্যকলাপত জড়িত হৈ পৰিছে৷ তদুপৰি ৰাজ্যৰ বিভিন্ন স্থানত বিশেষকৈ বৰপেটাত সদস্যভর্তিৰ অভিযানো চলাইছিল দণ্ডিত জেএমবিৰ সদস্যকেইজনে৷ ইয়াৰে হাফিজুৰ ৰহমানৰ গ্রেপ্তাৰৰ সময়ত তেওঁৰ লগত হস্তনির্মিত বন্দুকৰ লগতে গুলী উদ্ধাৰ কৰিছিল নিয়াই৷

উল্লেখ কৰিব পাৰি যে বর্দ্ধমান বিস্ফোৰণৰ ঘটনাৰ অন্যতম অভিযুক্ত ছাহানুৰ আলমৰ নেতৃত্বত আটাইকেইজনে জেএমবিৰ প্রশিক্ষণ গ্রহণ কৰিছিল৷

You might also like