নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রধানমন্ত্রীৰ নিৰাপত্তাত ত্রুটিৰ তদন্তৰ সিদ্ধান্ত ছুপ্রিম ক’ৰ্টৰ

স্বতন্ত্র কমিটী গঠন

নিয়মীয়া বাৰ্তা ১১ জানুৱাৰীঃ পঞ্জাবত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নিৰাপত্তা ক্রটিক লৈ নিজাকৈ তদন্ত চলাব উচ্চতম ন্যায়ালয়ে৷ প্রধানমন্ত্রীৰ নিৰাপত্তা ক্রটিক লৈ লয়ার্ছ ভয়জৰ আবেদনৰ সোমবাৰে দ্বিতীয়বাৰৰ বাবে শুনানি গ্রহণ কৰি উচ্চতম ন্যায়ালয়ে পঞ্জাবৰ ঘটনাটোক লৈ স্বতন্ত্র কমিটীৰ দ্বাৰা তদন্ত চলোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰামানাৰ নেতৃত্বত ন্যায়াধীশ সূর্যকান্ত আৰু হিমা কোহলিৰ বিচাৰপীঠে ইতিপূর্বে কেন্দ্র আৰু ৰাজ্য চৰকাৰক পৃথকে কমিটী গঠন কৰি তদন্ত কৰিবলৈ দিয়া নির্দেশ আজি স্থগিত ৰাখি সর্বোচ্চ ন্যায়ালয়ে নিজাকৈ তদন্তৰ সিদ্ধান্ত গ্রহণ কৰে৷ সেইমর্মে উচ্চতম ন্যায়ালয়ৰ এগৰাকী প্রাক্তন ন্যায়াধীশৰ নেতৃত্বত পাঁচজনীয়া কমিটী গঠন কৰি পঞ্জাবত প্রধানমন্ত্রীৰ নিৰাপত্তাৰ ক্রটিক লৈ তদন্ত চলাব৷ প্রাক্তন ন্যায়াধীশৰ কমিটীখনত চণ্ডীগড়ৰ আৰক্ষী সঞ্চালকপ্রধান, ‘নিয়া’ৰ আই জি আৰু পঞ্জাব–হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ ৰেজিষ্টাৰ জেনেৰেল, পঞ্জাবৰ নিৰাপত্তাৰ এ ডি জি পি থাকিব৷

বিচাৰপীঠে সোমবাৰে কয় যে প্রধানমন্ত্রীৰ নিৰাপত্তা ক্রটিৰ বিষয়টো তেওঁলোকে অতি গম্ভীৰভাৱে লৈছে৷ সেয়েহে তেওঁলোকৰ দ্বাৰা গঠিত স্বতন্ত্র কমিটীৰ দ্বাৰা তদন্ত চলোৱা হ’ব আৰু এই তদন্তৰ প্রতিবেদন অতি কম সময়ৰ ভিতৰতে সর্বোচ্চ ন্যায়ালয়ৰ কমিটীয়ে দাখিল কৰিব লাগিব৷

উল্লেখ্য যে যোৱা পাঁচ জানুৱাৰীত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে পঞ্জাবৰ এখন সভাত অংশগ্রহণ কৰিবলৈ পথেৰে গৈ থকা অৱস্থাত পঞ্জাব চহৰৰ ফ্লাই’ভাৰ এখনত প্রতিবাদী কৃষকৰ পথ অৱৰোধৰ বাবে ২০ মিনিট সময় আবদ্ধ হৈ আছিল৷ পিছলৈ প্রধানমন্ত্রীৰ কনভয় উক্ত স্থানৰ পৰা বাথিন্দা বিমানবন্দৰলৈ উভতি গৈছিল আৰু তাৰ পৰাই দিল্লীলৈ উভতিছিল প্রধানমন্ত্রীয়ে৷ পঞ্জাবৰ নির্ধাৰিত কার্যসূচীত অংশগ্রহণ নকৰাকৈ প্রতিবাদী কৃষকৰ বাবে ফ্লাই’ভাৰত আবদ্ধ হৈ প্রধানমন্ত্রীগৰাকীয়্ দিল্লীলৈ ওভতাৰ পূর্বে বিমানবন্দৰত জীৱিত হৈ উভতি অহা বুলি কৰা মন্তব্যই দেশজুৰি চর্চিত হৈছিল৷ প্রধানমন্ত্রীৰ নিৰাপত্তা ক্রটিৰ এই বিষয়টোক লৈ দেশৰ ৰাজনীতি উত্তাল হৈ থকাৰ সমান্তৰালকৈ উচ্চতম ন্যায়ালয়ৰ মজিয়া পাইছে৷ বর্তমান সর্বোচ্চ ন্যায়ালয়ত এই বিষয়টো বিচাৰাধীন হৈ আছে৷

You might also like