নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘কা’ক লৈ ক্রমাৎ পিছহুঁহকিছে দিল্লী

নিয়মীয়া বাৰ্তা ১১ জানুৱাৰীঃ বহুবিতর্কিত নাগৰিকত্ব সংশোধনী আইন (কা)–এ ৰাষ্ট্রপতিৰ অনুমোদন লাভ কৰাৰ দুবছৰ পাৰ হৈ গ’ল৷ পিছে বিধি–নিয়ম অবিহনে ‘কা’ৰ অৱস্থা যেন এতিয়া ঢ়াল–তৰোৱালবিহীন নিধিৰাম চর্দাৰ৷ বাস্তৱত দেশজুৰি তীব্র প্রতিক্রিয়া সৃষ্টি কৰা ‘কা’ক লৈ কেন্দ্রৰ মোদী চৰকাৰ ক্রমাৎ পিছহুঁহকি থকা পৰিলক্ষিত হৈছে৷ উল্লেখ্য যে ২০১৯ চনৰ ১১ ডিচেম্বৰত সংসদৰ অনুমোদন লাভ কৰাৰ পাছত ২০২০ চনৰ ১০ জানুৱাৰীত কেন্দ্রীয় গৃহ মন্ত্রালয়ে ‘কা’ৰ ৰাজপত্রিত অধিসূচনা জাৰি কৰে৷ সংসদীয় বিধি–নিয়ম অনুসৰি ৰাজপত্রিত অধিসূচনা জাৰি কৰাৰ ৬ মাহৰ ভিতৰত এখন আইনৰ বিধি–নিয়ম প্রস্তুত কৰি সংসদৰ দুই কক্ষৰ ছাব–র্ডিনেট লেজিছলেচাৰ কমিটীৰ ওচৰলৈ প্রেৰণ কৰাটো বাধ্যতামূলক৷ পিছে অনিবার্য কাৰণবশতঃ ৬ মাহৰ ভিতৰত চৰকাৰে বিধি–নিয়ম প্রস্তুত কৰিব নোৱাৰিলে ছাব–র্ডিনেট কমিটীৰ ওচৰত সর্বাধিক তিনি মাহকৈ ম্যাদ বৃদ্ধি কৰাৰ অনুমতি ল’ব পাৰে৷ পিছে ‘কা’ৰ বিধি–নিয়ম প্রস্তুত কৰাৰ বাবে কেন্দ্রীয় গৃহ মন্ত্রালয়ে এতিয়ালৈকে একাধিকবাৰ ম্যাদ বৃদ্ধিৰ বাবে ছাব–র্ডিনেট কমিটীৰ ওচৰত অনুমতি বিচাৰিছিল যদিও কালি অর্থাৎ ৯ জানুৱাৰী আছিল বর্ধিত ম্যাদৰ অন্তিম দিন৷

লক্ষণীয়ভাৱে সংসদীয় পৰম্পৰা অনুসৰি বিধি–নিয়ম প্রস্তুত কৰাৰ বাবে ম্যাদ উকলি যোৱাৰ পূর্বে পুনৰ অতিৰিক্ত সময় নিবিচাৰিলে সংসদে অনুমোদন জনোৱা সংশ্লিষ্ট এখন আইন বাতিল হৈ পৰে৷ বিস্ময়কৰ বিষয়টো হৈছে পুনৰ ম্যাদ উকলি যোৱাৰ পূর্বে ‘কা’ৰ বিধি–নিয়ম প্রস্তুত কৰাৰ বাবে কেন্দ্রীয় গৃহ মন্ত্রালয়ে অতিৰিক্ত সময় বিচাৰি ছাব–র্ডিনেট কমিটীৰ ওচৰত আবেদন জনাইছে নে নাই, সেয়া লোকসভা আৰু ৰাজ্যসভাৰ কোনো ছাব–র্ডিনেট কমিটীৰ অধ্যক্ষই এই মুহূর্তত অৱগত নহয়৷ লোকসভাৰ ছাব–র্ডিনেট লেজিছলেচাৰ কমিটীৰ অধ্যক্ষ বালাশৌৰী বল্লৱভানেনিয়ে ‘নিয়মীয়া বার্তা’ৰ আগত প্রকাশ কৰা মতে, সাধাৰণত কেন্দ্রীয় গৃহ মন্ত্রালয়ে ম্যাদ উকলি যোৱাৰ পূর্বেই ‘কা’ৰ বিধি–নিয়ম প্রস্তুত কৰাৰ বাবে অতিৰিক্ত সময় বিচাৰি আমাৰ ওচৰত আবেদন জনায়৷ পিছে এইবাৰ গৃহ মন্ত্রালয়ে ম্যাদ বৃদ্ধিৰ বাবে অতিৰিক্ত সময় বিচাৰি পুনৰ আবেদন জনাইছে নে নাই, সেই বিষয়ে তেওঁ এই মুহূর্তত অৱগত নহয়৷ উল্লেখ্য যে ৱাই এছ আৰ কংগ্রেছৰ সাংসদ তথা লোকসভাৰ ছাব–র্ডিনেট কমিটীৰ অধ্যক্ষজনে টেলিফোনত এই প্রতিবেদকৰ আগত কয়– মই এতিয়া হায়দাৰাবাদত আছোঁ৷ তেওঁ খোদ ‘কা’ৰ বিধি–নিয়ম প্রস্তুত কৰাৰ ম্যাদ কালি উকলি যোৱাৰ কথা প্রকাশ কৰি কয়– মোৰ কার্যালয়ে ম্যাদ বৃদ্ধি কৰাক লৈ এতিয়ালৈকে মোক কোনো বার্তা প্রেৰণ কৰা নাই৷ অনুৰূপ মন্তব্য ৰাজ্যসভাৰ ছাব–র্ডিনেট লেজিছলেচাৰ কমিটীৰ অধ্যক্ষ প্রতাপ সিং বাজৱায়ো৷

বার্তমানে পঞ্জাবত বাহৰ পাতি থকা কংগ্রেছৰ সাংসদ তথা কমিটীৰ অধ্যক্ষজনে ‘নিয়মীয়া বার্তা’ৰ আগত টেলিফোনযোগে কয় যে কেন্দ্রই ‘কা’ৰ বিধি–নিয়ম কেতিয়া প্রস্তুত কৰিব, তেওঁৰ কমিটীয়ে মুঠেই ভালদৰে নাজানে৷ পূর্বতে বহুবাৰ সময়সীমা বৃদ্ধি কৰাৰ বাবে গৃহ মন্ত্রালয়ে আনুষ্ঠানিকভাৱে আবেদন জনাইছিল যদিও নতুনকৈ এতিয়া আকৌ বিচাৰিছে নে নাই, সেই সন্দর্ভত তেওঁ কিম্বা তেওঁৰ কার্যালয় অৱগত নহয়৷ বাজৱাই প্রকাশ কৰা মতে, ক’ভিড অতিমাৰীৰ দোহাই দি কেন্দ্রীয় চৰকাৰে ‘কা’ৰ বিধি–নিয়ম প্রস্তুত কৰাত বিলম্ব হোৱা বুলি পূর্বতে যুক্তি দর্শাইছিল৷ উল্লেখ্য যে সংসদীয় নীতি–নিয়ম অনুসৰি এখন আইনৰ বিধি–নিয়ম প্রস্তুত কৰাৰ ক্ষেত্রত ছাব–র্ডিনেট লেজিছলেচাৰ কমিটীৰ ওচৰত অতিৰিক্ত সময় বিচৰাৰ সময় বিধি–নিয়ম প্রস্তুত কৰাত কিয় বিলম্ব হৈ আছে, সেয়া ব্যাখ্যা কৰাটোও বাধ্যতামূলক৷ মন কৰিবলগীয়া যে মূলতঃ হিন্দু বাংলাদেশী শৰণার্থীক নাগৰিকত্ব প্রদানৰ বাবেই কেন্দ্রৰ বিজেপি চৰকাৰে নির্বাচনী প্রতিশ্রুতি পালনেৰে নাগৰিকত্ব সংশোধনী আইনখন প্রণয়ন কৰিছিল যদিও এই আইনখনৰ জৰিয়তে হিন্দু বাংলাদেশীৰ উপৰি ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈকে ভাৰতলৈ অহা চুবুৰীয়া ৰাষ্ট্র বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ অমুছলমান সকলো নাগৰিকে ভাৰতৰ নাগৰিকত্ব লাভ কৰিব পাৰিব৷ পিছে নাগৰিকত্বৰ বাবে তেওঁলোক তেতিয়াই আনুষ্ঠানিক আবেদন জনাব পাৰিব, যেতিয়া আইনখনৰ বিধি–নিয়ম কেন্দ্রীয় গৃহ মন্ত্রালয়ে যুগুতাই উলিয়াই লোকসভা আৰু ৰাজ্যসভাৰ ছাব–র্ডিনেট লেজিছলেচাৰ কমিটীৰ অনুমোদন লাভ কৰিব পাৰিব৷ যোৱা দুই বছৰত লোকসভা আৰু ৰাজ্যসভাৰ মজিয়াত কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ তৰফৰ পৰা একাধিকবাৰ প্রদান কৰা বিবৃতিতো এই কথা স্পষ্ট কৰি দিয়া হৈছে৷ যোৱা ৩০ নৱেম্বৰত সংসদৰ শীতকালীন অধিৱেশনৰ কালছোৱাত কেন্দ্রীয় গৃহ ৰাজ্যমন্ত্রী নিত্যানন্দ ৰাইয়ে শেষবাৰৰ বাবে ‘কা’ৰ বিধি–নিয়মক লৈ বিবৃতি প্রদান কৰিছিল৷ সিদিনা তেওঁ জনাইছিল যে ‘কা’ৰ বিধি–নিয়ম প্রস্তুত কৰাৰ বাবে দুই লেজিছলেচাৰ কমিটীৰ ওচৰত ২০২২ চনৰ ৯ জানুৱাৰীলৈকে সময় বিচৰা হৈছে আৰু তাৰ পাছত আইনখনৰ জৰিয়তে যোগ্য লোকসকলে নাগৰিকত্বৰ বাবে আবেদন জনাব পাৰিব৷ পিছে ৯ জানুৱাৰীৰ সময়সীমাও এতিয়া উকলি গ’ল৷ কিন্তু গৃহ মন্ত্রালয়ে সাজু নকৰিলে কোনো বিধি–নিয়ম৷ আনকি বিধি–নিয়ম প্রস্তুতৰ বাবে ছাব–র্ডিনেট লেজিছলেচাৰ কমিটীৰ পৰা অতিৰিক্ত সময় বিচাৰি পুনৰ আবেদন জনালে নে নাই, সেই কথাও এতিয়া কমিটীৰ মুৰব্বীসকলেও নাজানে৷

You might also like