নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুশান্ত ৰাজপুতৰ আত্মহত্যাঃ বান্দ্ৰা আৰক্ষী ষ্টেচনত উপস্থিত প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তী, সোধাপোছা আৰম্ভ

নিয়মীয়া বাৰ্তা, ১৮ জুনঃ বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । বৃহস্পতিবাৰে পুৱা মুম্বাই আৰক্ষীয়ে সুশান্তৰ প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীক সোধাপোছাৰ বাবে আৰক্ষী থানালৈ মাতে ।

সংবাদ সংস্থা এএনআইত প্ৰকাশ কৰা মতে, প্ৰয়সী ৰিয়া ইতিমধ্যে বান্দ্ৰা আৰক্ষী থানাত উপস্থিত হৈছে ।

আৰক্ষীৰ এতিয়ালৈকে হোৱা তদন্ত আৰু সুশান্তৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টে এয়া এক আত্মহত্যা বুলিয়ে পোহৰলৈ আহিছে । কিন্তু আৰক্ষী পৰৱৰ্তী তদন্তত হে পোহৰলৈ আহিব প্ৰকৃততে কি হৈছিল সুশান্তৰ সৈতে ।

You might also like