নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুই লগা ডুবন্ত জাহাজত ৪ মেকুৰীঃ ইয়াকে লৈ থাইলেণ্ডৰ নৌসেনাই কৰা কাৰ্য ভাইৰেল

নিয়মীয়া বাৰ্তা, ৫ মার্চঃ আন্দামান সাগৰত ডুবন্ত জাহাজৰ পৰা থাই ৰয়েল নেভীয়ে নিজৰ জীৱন বিপদাপন্ন কৰি চাৰিটাকৈ মেকুৰীৰ জীৱন ৰক্ষা কৰা ঘটনাটোৱে অনলাইনত ব্যাপক চর্চা লাভ কৰিছে৷

থাইলেণ্ডৰ নৌসেনাৰ জোৱানৰ এই উদ্ধাৰক পাৰফেক্ট ৰেছকিউ অভিহিত কৰি ভূয়সী প্রশংসাৰে দেশ–বিদেশৰ লোকে অনলাইনত ওপচাই দিছে৷ উল্লেখ্য যে আন্দামান সাগৰৰ পেৰাডাইজ দ্বীপপুঞ্জত জাহাজ এখনত জুই লগাৰ ফলত সেই জাহাজখনক পৰিত্যক্ত অৱস্থাত এৰি দিয়ে৷

ডুবন্ত এই জাহাজখনত চাৰিটাকৈ মেকুৰী প্রত্যক্ষ কৰি থাই নেভীৰ জোৱানে অতি কষ্টেৰে মেকুৰীকেইটাক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷

লক্ষণীয় যে জুই লাগি থকা জাহাজখন ডুবি থকা সময়ত ইন্ধন ওলাবলৈ আৰম্ভ কৰিছিল আৰু এই জুই অতি ভয়াৱহ ৰূপত বৃদ্ধি হ’বলৈ ধৰিছিল৷ এই বিপদাপন্ন পৰিস্থিতিৰ সময়তো জাহাজখনত আবদ্ধ হৈ থকা চাৰিটা মেকুৰী উদ্ধাৰৰ অভিযান চলায় থাইলেণ্ডৰ নৌসেনাই৷

অতি কষ্টেৰে এই মেকুৰীকেইটা উদ্ধাৰ কৰি নিজৰ জাহাজলৈ লৈ অনাৰ পিছত আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হয়৷ বিপদত পৰা জন্তুক উদ্ধাৰ কৰিবলৈ থাই নৌসেনাই চলোৱা এই বিপদাপন্ন অভিযান মানৱজাতিৰ বাবে এক বিৰল উদাহৰণ হৈ থাকিব৷

You might also like