🔹 ৪০০ৰ সীমা অতিক্রম একিউআইৰ
🔹 নয়ডা–গাজিয়াবাদৰ পৰিস্থিতি শোচনীয়
নিউজ ডেস্ক, ১৪ নৱেম্বৰ : দেশৰ ৰাজধানী দিল্লীৰ প্রদূষণৰ মাত্রাই ‘মাৰাত্মক’ পর্যায় স্পর্শ কৰিলে৷ দিল্লীৰ এয়াৰ কোৱালিটী ইনডেস্ক বা একিউআয়ে ৪০০ৰ সীমা অতিক্রম কৰিছে৷ কালি পুৱা দিল্লী, নয়ডা, গাজিয়াবাদ, গুৰুগ্রাম আৰু ফৰিদাবাদত লক্ষ্য কৰা গৈছে ঘন ধোঁৱাৰ স্তৰ৷ ইয়াৰ ফলত পুৱা ৭ বজাৰ পৰা দিল্লীত অৱতৰণ কৰিব নোৱাৰিলে সাতখন বিমানে৷ এই বিমানবোৰৰ ৬খন জয়পুৰ আৰু এখন লক্ষ্ণৌলৈ পঠিয়াই দিয়া হয়৷ দিল্লীৰ প্রদূষণ ভয়াৱহভাৱে বৃদ্ধি পালেও তুলনামূলকভাৱে নয়ডা, গাজিয়াবাদ, গুৰুগ্রাম আদি চহৰবোৰত পৰিস্থিতি কিছু ভাল আছিল৷ দিল্লীৰ এই পৰিস্থিতি অৱশ্যে হঠাতেই এনে পর্যায়লৈ অহা নাই৷ যোৱা মাহৰ শেষ ভাগতেই দিল্লীত প্রদূষণৰ মাত্রা বৃদ্ধি পাবলৈ ধৰে৷ বতাহৰ গুণমানসূচকো কমি আহিছে ধাৰাবাহিকভাৱে৷ পঞ্জাব, হাৰিয়ানা আৰু পশ্চিম উত্তৰ প্রদেশৰ কৃষিভূমিত ফচলৰ আৱর্জনা পৰাৰ ফলতেই ৰাজধানী দিল্লীত প্রদূষণৰ মাত্রাই ‘মাৰাত্মক’ ৰূপ ধাৰণ কৰিছে৷ ইয়াৰ বাবে কেন্দ্রীয় চৰকাৰক উচ্চতম ন্যায়ালয়ে তীব্র ভর্ৎসনাও কৰিছে৷ পৰিস্থিতিৰ মোকাবিলাৰ বাবে দিল্লীৰ প্রদূষণ নিয়ন্ত্রক কমিটীৰ তৰফৰ পৰা এক বিবৃতি জাৰি কৰি ২০২৫ চনৰ পহিলা জানুৱাৰীলৈকে সকলো ধৰণৰ আতচবাজী উৎপাদন, সঞ্চয়, বিক্রী বা জ্বলোৱাৰ ক্ষেত্রত নিষেধাজ্ঞা জাৰি কৰা হৈছে৷ প্রদূষণ প্রতিৰোধৰ ক্ষেত্রত নিষেধাজ্ঞা নামানি ফচলৰ আৱর্জনা জ্বলোৱাৰ অভিযোগত কেইবাজনকো গ্রেপ্তাৰো কৰা হৈছে৷ কিন্তু এই পদক্ষেপবোৰৰ পিছতো পৰিস্থিতি নিয়ন্ত্রণলৈ অনা সম্ভৱ হোৱা নাই৷ পৰিস্থিতি ইমানেই ভয়াৱহ হৈ পৰে যে সাধাৰণ মানুহে পথত ওলাবলৈ শংকাবোধ কৰিছে৷ আনফালে যান–বাহনৰ চলাচলো দিল্লীত যথেষ্ট হ্রাস পোৱা পৰিলক্ষিত হৈছে৷