নিয়মীয়া বাৰ্তা, ৩ মে’: পশ্চিমবংগ বিধানসভা নির্বাচনৰ প্রার্থী কাজল সিন্হাৰ মাত্র কেইদিনমান পূর্বে ক’ৰোনা ভাইৰাছ মহামাৰীত মৃত্যু হৈছিল৷ আজি ঘোষিত নির্বাচনী ফলাফলত বিজয়ী হৈছে প্রার্থীগৰাকী৷ নিকটতম প্রতিদ্বন্দ্বীতকৈ সিন্হাই ২৮,০৪১টা ভোট বেছি লাভ কৰিছে৷ লক্ষণীয়ভাৱে প্রার্থীগৰাকীৰ বিজয় অর্থশূন্য হিচাপে চিহ্ণিত হৈছে৷ কাৰণ প্রার্থীগৰাকীৰ মৃত্যু হোৱাৰ পিছত সমষ্টিটো খালী হৈ থকা বুলি ঘোষণা কৰিছে নির্বাচন আয়োগে৷ গতিকে, পুনৰ নির্বাচন অনুষ্ঠিত কৰিব লাগিব এই সমষ্টিটোত৷ খৰদাহ বিধানসভা সমষ্টিৰ পৰা প্রতিদ্বন্দ্বিতা কৰিছিল সিন্হাই৷
উল্লেখনীয় যে ২৫ এপ্রিলত কাজল সিন্হাৰ মৃত্যু হোৱাৰ পিছতে মমতা বেনার্জীয়ে দুখ প্রকাশ কৰিছিল৷ লক্ষণীয়ভাৱে ৰাজ্যখনৰ আজি ঘোষিত বিধানসভাৰ নির্বাচনী ফলাফলত তৃণমূল কংগ্রেছে অভূতপূর্ব বিজয় সাব্যস্ত কৰি পুনৰ চৰকাৰ গঠনৰ সুযোগ লাভ কৰিছে৷ বিজেপিৰ ৰথী–মহাৰথীয়ে ৰাজ্যখনত নির্বাচনৰ পূর্বে প্রচাৰ অভিযান তীব্র কৰিছিল যদিও দলটোৱে দ্বিতীয় স্থানতে সন্তুষ্ট থাকিবলগীয়া হৈছে৷