নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড যুঁজত ভাৰতলৈ চিকিৎসা সাহায্যঃ টাইৱানৰ পৰাও আহিল অক্সিজেন

নিয়মীয়া বাৰ্তা, ৩ মে’:  ক’ভিড–১৯ৰ দ্বিতীয় সংক্রমণৰ জোৱাৰ চলি থকা সময়তে বিশ্বৰ বিভিন্ন দেশৰ পৰা চিকিৎসা সাহায্য লাভ কৰিছে ভাৰতে৷ শেহতীয়াকৈ টাইৱানে ভাৰতলৈ ক’ভিড যুঁজৰ সাহায্য হিচাপে প্রেৰণ কৰিছে অক্সিজেনৰ ১৫০টা কনচেনট্রেটৰ আৰু ৫০০ অক্সিজেন চিলিণ্ডাৰ৷

দেশখনৰ ৰাজধানী দিল্লীকে ধৰি বিভিন্ন চহৰত চিকিৎসা ব্যৱস্থাটোলৈ নামি অহা সংকটৰ মোকাবিলা কৰিবলৈ টাইৱানে এই সাহায্য প্রেৰণ কৰিছে ভাৰতলৈ৷ টাইৱানৰ বিদেশ মন্ত্রালয়ে সদৰী কৰিছে এই তথ্য৷

উল্লেখনীয় যে কালি ভাৰতত অভিলেখসংখ্যক ৪ লক্ষাধিক লোক ক’ভিড মহামাৰীত আক্রান্ত হৈছিল৷ ভাৰতত চলি থকা মহামাৰীৰ সংক্রমণৰ এই দ্বিতীয় জোৱাৰক লৈ বিশ্বৰ প্রায়বোৰ দেশে আশংকা প্রকাশ কৰি আছে৷

You might also like