নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিকিৎসাত জড়িত হ’ব এমবিবিএছ চূড়ান্ত বর্ষৰ ছাত্র

নিয়মীয়া বাৰ্তা, ৩ মে’:  প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দেওবাৰে কেন্দ্রীয় স্বাস্থ্যমন্ত্রী হর্ষবর্ধনৰ লগতে চিকিৎসা বিশেষজ্ঞসকলৰ লগতে ক’ভিড পৰিস্থিতি সন্দর্ভত আলোচনা কৰে৷ প্রধানমন্ত্রীগৰাকীয়্ দেশৰ হাস্পতালসমূহত অক্সিজেন আৰু দৰব পর্যাপ্ত আছেনে নাই সেই সন্দর্ভতো পর্যালোচনা কৰে বিশেষজ্ঞৰ দলে৷

লক্ষণীয়ভাৱে কালি দিল্লীৰ হাস্পতাল এখনত অক্সিজেনৰ অভাৱত ১২গৰাকী ক’ভিড–১৯ ৰোগীৰ মৃত্যু হোৱাৰ পিছত বিষয়টোক লৈ দেশজুৰি প্রতিক্রিয়াৰ সৃষ্টি হৈছিল৷ বিগত ২৪ ঘণ্টাত ভাৰতত ক’ভিড মহামাৰীত ৩,৬৮৯গৰাকী লোকৰ মৃত্যু হোৱাৰ পিছত কেন্দ্রীয় চৰকাৰে এমবিবিএছ আৰু নার্ছিং হোমৰ চূড়ান্ত বর্ষৰ শিক্ষার্থীসকলক ক’ভিড ৰোগীৰ চিকিৎসাত নিয়োগ কৰিব বুলি চিন্তা–চর্চা চলাইছে৷ প্রধানমন্ত্রী মোদীয়ে এইক্ষেত্রত বিশেষজ্ঞসকলৰ পৰামর্শ স্বাস্থ্য মন্ত্রালয়ক গ্রহণ কৰিবলৈ আহ্বান জনাইছে৷

You might also like