নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰশান্ত কিশোৰৰ ৰেহৰূপ দেখি চিন্তাত মুকুল ছাংমা

বিশেষ বাৰ্তা, ২২ এপ্ৰিলঃ প্রশান্ত কিশোৰৰ সৈতে কংগ্রেছৰ সম্পর্ক যিমানেই ঘনিষ্ঠ হৈছে, সিমানেই অস্বস্তি বাঢ়িছে মেঘালয় তৃণমূলত। কাৰণ মেঘালয়ত তৃণমূলৰ প্রচাৰ আৰু ৰাজনৈতিক কার্যকলাপ নিয়ন্ত্রণ কৰিছে প্রশান্তৰ সংগঠন আই পেকে। প্রশান্ত কিশোৰৰ আহ্বানতে কংগ্রেছ ত্যাগ কৰি ১১ জন বিধায়কক লৈ তৃণমূলত যোগ দিছিল মুকুল ছাংমাই। কিন্তু কংগ্রেছে সেই প্রশান্ত কিশোৰকেই উপদেষ্টা হিচাপে নিয়োগ কৰিব বিচাৰিছে। শুনা গৈছে অহা বছৰ নিৰ্বাচন অনুষ্ঠাত হ’বলৈ ওলোৱা ৰাজ্যবোৰত কংগ্রেছৰ ভেটি মজবুত কৰাৰ ভাৰ দিয়া হৈছে ৰাজনৈতিক কৌশলী প্রশান্তক। সেই ৰাজ্যবোৰৰ মাজত আছে মেঘালয়ো। এনে পৰিস্থিতিত মেঘালয়ত তৃণমূলৰ ৰাজ্যিক সভাপতি চার্লছ পিংৰোপে জনাইছে যে একেলগে কংগ্রেছ আৰু তৃণমূলৰ বাবে কাম কৰিব নোৱাৰিব প্রশান্তৰ সংগঠনে। কাৰণ, আগন্তুক বৰ্ষৰ ভোটত তৃণমূলক জয়ী কৰোৱাৰ দায়িত্ব লৈ ইতিমধ্যেই কাম চলাইছে তেওঁ।

You might also like